নৰ্থ বেংক মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপক বিৰাচন কমানৰ বিয়োগ…

নৰ্থ বেংক মহাবিদ্যালয়ৰ প্রতিষ্ঠাপক মুৰব্বী অধ্যাপক বিৰাচন কমানৰ বিয়োগ…

ডিজিটেল সংবাদ ঢকুৱাখনা:  ঢকুৱাখনা মহকুমাৰ অন্যতম উচ্চ শিক্ষাৰ বাটকটীয়া শৈক্ষিক প্ৰতিষ্ঠান নৰ্থ বেংক মহাবিদ্যালয়ে মঙ্গলবাৰে হেৰুৱালে এক সমুজ্জ্বল শৈক্ষিক নক্ষত্ৰ । ঘিলামৰাত বিজ্ঞান শিক্ষাৰ প্ৰসাৰণত প্ৰধান নেতৃত্ব বহন কৰি মহাবিদ্যালয়খনত ২০০০ চনতে উদ্ভিদ বিজ্ঞান বিভাগ প্ৰতিষ্ঠা কৰি বিজ্ঞান শিক্ষা মনস্কতাৰ সৃষ্টিৰে  আমৃত্যু বিদ্যায়তনিক সেৱা আগবঢ়াই যোৱা  বিৰাচন কমান(৫৩)ৰ অকাল মৃত্যু ঘটিছে।

অত্যন্ত কৰ্তব্য পৰায়ন, অধ্যয়নশীল আৰু অমায়িক প্ৰকৃতিৰ কমানে মৃত্যুৰ সময়লৈকে মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপকৰ দায়িত্ব নিয়াৰিকৈ পালি গৈছিল। জানিব পৰা মতে, বিগত এটা বছৰ ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ  চিকিৎসা সেৱা গ্ৰহণ কৰি আছিল কমানে ।

শেহতীয়া ভাবে গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি এদিন পূৰ্বে স্ব- গৃহলৈ উভতিছিল শিক্ষাবিদ গৰাকী। কিন্তু মঙ্গলবাৰে পুৱতি নিশা প্ৰায় ৪ বজাত কমানৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি ঘটাৰ পাছত গোগামুখৰ নগাঁওস্থিত নিজা বাস গৃহত শেষ নিশ্বাস ত্যাগ কৰে মিষ্টভাষী শিক্ষাবিদ গৰাকীয়ে। 

পত্নী দীপালি গাম কমান, দুগৰাকী কন্যা ,অজস্ৰ গুণমুগ্ধ ,ইষ্ট কুটুম্বক ইস সংসাৰত এৰি যোৱা  নিৰহংকাৰী শিক্ষাবিদ গৰাকীৰ আকস্মিক বিয়োগত মহাবিদ্যালয় ছাত্ৰ একতা সভা , শিক্ষক গোট (কলা ) , কৰ্মচাৰী সমাজ , মহাবিদ্যালয় পৰিচালনা সমিতি ,ঘিলামৰা নাগৰিক সমাজ আদি বিভিন্ন ব্যক্তি অনুষ্ঠানে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। বিয়লিলৈ শিক্ষাবিদ গৰাকীৰ নশ্বৰদেহ জনগোষ্ঠীয় পৰম্পৰা অনুসৰি  সৎকাৰ কৰা হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in