MOBILE TOILET
ডিজিটেল ডেস্ক: জহি খহি যাবলৈ ধৰিছে সৰুপথাৰ পৌৰসভাৰ অধীনত থকা দুটাকৈ বায়' মোবাইল টয়লেট (BIO MOBILE TOILET)৷ পূৰ্বৰ সৰুপথাৰ পৌৰসভা সমিতিখনে প্ৰায় ৯ লাখ টকা ব্যয় সাপেক্ষে যোৰহাটৰ পাঞ্জাৱ ইঞ্জনিয়াৰিঙৰ পৰা ক্ৰয় কৰিছিল এই টয়লেট দুটা ৷ কিছুদিনৰ লৈকে সৰুপথাৰৰ জনসাধাৰণে ব্যৱহাৰো কৰিছিল উক্ত টয়লেট দুটা ৷ কিন্তু নতুন সমিতিয়ে পৌৰসভাৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতে অবহেলিত হৈ নগৰখনৰ দুটা পৃথক স্থানত অব্যৱহৃত হৈ পৰি ৰৈছে ৷ যাৰ ফলত এফালৰ পৰা নষ্ট হৈ যাবলৈ ধৰিছে টয়লেট দুটা ৷
কিন্তু ইমানৰ পাছতো পৌৰসভাখনৰ কোনোধৰণৰ গুৰুত্ব নাই ৷ নগৰখনৰ এপিদিচিএল চৌহদ আৰু বজাৰৰ মাজমজিয়াত বহুদিনধৰি অব্যৱহৃত আৰু অৱহেলিত হৈ পৰি ৰৈছে টয়লেট দুটা ৷ এনেদৰে পৌৰসভাৰ অধীনত চলি থকা দুটাকৈ ৰাজহুৱা সম্পত্তি নষ্ট হৈ যোৱাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷