/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/9617cc4b-1446-4591-b916-cbdfefe1d2b2/AP_FOR_WEB_biman.jpg)
ডিজিটেল ডেস্কঃ ২৯ জুনৰ পৰা পলাতক হৈ থকা ঘগ্ৰাপাৰ থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া বিমান ৰয়ৰ সন্ধান পালে অৱশেষত অসম আৰক্ষীয়ে। এগৰাকী কিশোৰীক থানাৰ ভিতৰত উলংগ কৰি ফটো তোলাৰ গুৰুতৰ অভিযোগত অভিযুক্ত আছিল বিষয়াগৰাকী।
এই কাণ্ডই ৰাজ্যজুৰি তুমূল বিতৰ্কই সৃষ্টি কৰাৰ পাছত ৰয়ক অসম আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল। পলাতক হৈ থকা বিষয়াগৰাকীক গুৱাহাটীৰ পানীখাইতি ৰে'লৱে ষ্টেচনৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি প্ৰাথমিক সূত্ৰত প্ৰকাশ।
কি পৰিস্থিতিত আৰক্ষী বিষয়াগৰাকীক অচেতন অৱস্থাত উদ্ধাৰ কৰা হ'ল সেই সন্দৰ্ভত আৰক্ষীয়ে এতিয়াও কোনো তথ্য সদৰি কৰা নাই। মষ্ট ৱাণ্টেড ঘোষণা কৰা ৰয়ক আৰক্ষীয়ে চিকিৎসাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।
Also Read: পানীখাইতি ৰে'ল ষ্টেচনত গ্ৰেপ্তাৰ OC বিমান ৰয়