বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱঃ ৩০ জানুৱাৰীত সাধাৰণ সভা আহ্বান…

বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱঃ ৩০ জানুৱাৰীত সাধাৰণ সভা আহ্বান…

author-image
asomiyapratidin
New Update
বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱঃ ৩০ জানুৱাৰীত সাধাৰণ সভা আহ্বান…

ডিজিটেল সংবাদ নগৰবেৰাঃ দক্ষিণ কামৰূপৰ নগৰবেৰাৰ ঐতিহ্য মণ্ডিত উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আজি মহাবিদ্যালয় প্ৰাংগণত এক সংবাদ মেলৰ আয়োজন কৰা হয়। মহাবিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা সংবাদ মেলত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা আৰু মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক শ্যামাচৰণ ঠাকুৰীয়াই কয় যে, ১৯৭২ চনত নগৰবেৰা আঞ্চলিক মৌজা কমিটিৰ উদ্যোগত আৰু বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহযোগত স্থাপিত হোৱা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়খনে যোৱা ২০২১ চনৰ ২৬ আগষ্টত ৫০ বছৰত ভৰি দিয়াত ইতিমধ্যে মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ উদযাপন সিদ্ধান্ত লোৱা হৈছে।

Advertisment

এই উপলক্ষে অহা ৩০ জানুৱাৰী তাৰিখ ৰবিৰাৰ দিনা দিনৰ ১১ বজাত মহাবিদ্যালয় প্ৰাংগণত কোভিড বিধি মানি এখনি সাধাৰণ সভাৰ আয়োজন কৰা হৈছে। উক্ত সভাতে মহাবিদ্যালয় খনৰ সোণালী জয়ন্তী উৎসৱটি সুন্দৰ ভাবে উদযানৰ বাবে মূল উৎযাপন সমিতি, অভ্যৰ্থনা সমিতি গঠনৰ লগতে প্ৰস্তুতি সম্পৰ্কে বিতং আলোকপাত হ'ব বুলি কয়। মহাবিদ্যালয় কৰ্তৃপক্ষৰ হৈ অধ্যক্ষ ড০ বিভূতি ভূষণ আৰু পৰিচালনা সমিতিৰ সভাপতি শ্যামাচৰণ ঠাকুৰীয়াই সংবাদ মেল যোগে মহাবিদ্যালয়ৰ জন্মলগ্নৰে পৰা জড়িত সকল, বৃহত্তৰ অঞ্চলটোৰ ৰাইজ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শুভাকাংক্ষী সকলোকে উক্ত সাধাৰণ সভাত উপস্থিত থকাৰ আহ্বান জনোৱাৰ লগতে সোণালী জয়ন্তী উৎসৱটি সুচাৰুৰূপে উদযাপন কৰিবলৈ সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰে।সংবাদমেলখনত মহাবিদ্যালয়খনৰ সহযোগী অধ্যাপক ক্ৰমে ড০ আব্দুছ ছালাম, টিকেন্দ্ৰ চন্দ্ৰ পাটোৱাৰী, ড০ আতোৱাৰ ৰহমান, ড০ বিনয় কৃষ্ণ মেধি, বসন্ত কলিতা, ড০ দিগন্ত কলিতা, চিৰঞ্জীৱ মিলি আদিয়ে উপস্থিত থাকে ।