নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰে : মন্ত্ৰী বিমল বৰা...

সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে
nilpaban baruah
nilpaban baruah

ডিজিটেল ডেস্ক : শুকুৰবাৰে দিনৰ ৩.১৫ বজাত খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ মৃত্যু হয়। প্ৰয়াত শিল্পীগৰাকীৰ মৃত্যুৰ পাছতেই অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই চিত্রশিল্পী নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিক সংৰক্ষণৰ ব্যৱস্থা কৰাৰ কথা ঘোষণা কৰে।

তেওঁ কয় যে নীলপৱন বৰুৱাৰ সৃষ্টিৰাজিৰ সংৰক্ষণৰ ব্যৱস্থা গ্রহণ কৰিব ৰাজ্য চৰকাৰে। লগতে বেলতলাৰ বাসগৃহত এখন চাৰু কলা বিদ্যালয় স্থাপন কৰা হ’ব বুলিও তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে বিদ্যালয় স্থাপনৰ পোষকতা নীলপৱন বৰুৱাৰ পৰিয়ালৰ বুলি মন্ত্ৰী বিমল বৰাই কয়। পৰিয়ালৰ লগত আলোচনা কৰি ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in