কলিয়াবৰত নেপালী ভাষাৰ মান্যতা দিৱস পালন…

কলিয়াবৰত নেপালী ভাষাৰ মান্যতা দিৱস পালন…

author-image
asomiyapratidin
New Update
কলিয়াবৰত নেপালী ভাষাৰ মান্যতা দিৱস পালন…

ডিজিটেল সংবাদ,কলিয়াবৰ: কলিয়াবৰ ভানু সমিতিৰ পূব কলিয়াবৰ শাখাৰ ব্যৱস্থাপনাত জখলাবন্ধাৰ বাঘজানত শুক্ৰবাৰে নেপালী ভাষাৰ ৩১ তম মান্যতা দিৱস পালন পৰা হয়। এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ লগতে এখন বহু ভাষিক কবি সন্মিলনো অনুষ্ঠিত হয়। কবি মেলত নেপালী, অসমীয়া, বড়ো, চাহ বাগিচাৰ চাদ্ৰি আৰু উৰিয়া ভাষাৰ কবিতা পাঠ কৰে কুৰিৰো অধিক ভিন্ন ভাষিক কবিয়ে। ধ্ৰুৱজ্যোতি বৰগোহাঞিৰ সঞ্চালনাত অনুষ্ঠিত কবি সন্মিলনখনত তোলন তাচা,ধন বাহাদুৰ ছেত্ৰী,ছোনিয়া মুক্তিয়াৰ,নিকু ভাগৱতী,তপন শইকীয়াকে ধৰি ভিন্ন ভাষী কবি সকলৰ কবিতাই পৰিবেশ জীপাল কৰি তোলে ৷
উল্লেখ্য যে, ১৯৯২ চনৰ ২০ আগষ্টত ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত হৈছিল ভাৰতীয় নেপালী গোৰ্খা সকলৰ ভাষা। এই বিশেষ দিনটোক স্মৰণ কৰিবলৈ প্ৰতি বছৰে পালন কৰি অহা হৈছে ভাষা মান্যতা দিৱস। কলিয়াবৰ ভানু সমিতিৰ সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি নিৰ্দিষ্ট দিনৰ এদিন পূৰ্বেই জখলাবন্ধাৰ বাঘজানত ভাষা মান্যতা দিৱস পালন কৰিলে কলিয়াবৰৰ বিভিন্ন প্ৰান্তত বাস কৰা নেপালী গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে। বিভিন্ন কাৰ্যসূচীৰ লগতে নৃত্য-গীত আদিও পৰিৱেশিত হয় ভাষা মান্যতা দিৱসৰ এই কাৰ্যসূচীত। পুৱাৰ ভাগত পতাকা উত্তোলন,স্মৃতি তৰ্পন আদিৰ লগতে মুকলি সভাও অনুষ্ঠিত হয় ৷

Advertisment

আৰু পঢ়ক : ড্ৰাগছৰ বিৰুদ্ধে বঙাইগাঁৱত আৰক্ষীৰ অভিযান…

assam kaliabor