অগ্নিপথ আঁচনিৰ অগ্নিবীৰ নিযুক্তিৰ প্ৰস্তুতিৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি…

অগ্নিপথ আঁচনিৰ অগ্নিবীৰ নিযুক্তিৰ প্ৰস্তুতিৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি…

author-image
asomiyapratidin
New Update
অগ্নিপথ আঁচনিৰ অগ্নিবীৰ নিযুক্তিৰ প্ৰস্তুতিৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সফল সামৰণি…

ডিজিটোল সংবাদ, বিলাসীপাৰা : সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ, বিলাসীপাৰাৰ উদ্যোগত চহৰখনৰ ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অগ্নিপথ আঁচনিৰ অগ্নিবীৰ নিযুক্তিৰ প্ৰস্তুতিৰ বাবে তিনিদিনীয়া প্ৰশিক্ষণ শিবিৰৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।

Advertisment

যোৱা ৩০ আগষ্টত শুভাৰম্ভ হোৱা অগ্নিপথ আঁচনিৰ অগ্নিবীৰ নিযুক্তিৰ প্ৰস্তুতিৰ বাবে প্ৰশিক্ষণ শিবিৰখনত ধুবুৰী জিলাৰ ২২৮ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰে ২২ গৰাকী মহিলা আৰু ২০৬ গৰাকী পুৰুষ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ গ্ৰহণ কৰে।

ধুবুৰী আৰক্ষীৰ ৬ গৰাকী আৰক্ষীয়ে প্ৰশিক্ষণ প্ৰদান কৰে বুলি " সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ" বিলাসীপাৰাৰ সম্পাদক স্বপন দাসে তথ্য সদৰি কৰে। এই সামৰণি অনুষ্ঠানত সীমান্ত চেতনা মঞ্চ পুৰ্বোত্তৰ অসম ৰাজ্যিক সম্পাদক দেবাশিষ দত্ত, অসম চৰকাৰৰ বিপণন নিগমৰ অধ্যক্ষ ড° অশোক কুমাৰ সিংহী, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শীৱানীয়ে উপস্থিত থাকে।

assam Assam police