বিলাসীপাৰা মহাবিদ্যালয়ত এন.এছ.এছ. দিৱস পালন...

২৪ ছেপ্টেম্বৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বা এন.এছ.এছ দিৱস

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰা মহাবিদ্যালয়ত এন.এছ.এছ. দিৱস পালন...

bilasipara nss day

ডিজিটেল সংবাদ, বিলাসীপাৰা : ‌২৪ ছেপ্টেম্বৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি বা এন.এছ.এছ দিৱস। শনিবাৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত গাম্ভীৰ্যপূৰ্ণভাৱে পালন কৰা হয় এই দিৱসটি।

Advertisment

এই উপলক্ষে ছাত্ৰ-ছাত্ৰী সকলৰ মাজত এন.এছ.এছৰ বেজ, দিনলিপি আদি বিতৰণ কৰাৰ লগতে এখন আলোচনা সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিলাসীপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ বিশ্বজিৎ বিশ্বাস, পৰিচালনা সমিতিৰ সভাপতি গৌতম চৌধুৰী, বিলাসীপাৰা শঙ্কৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ শিক্ষয়িত্ৰী ববিতা বণিক্য তথা বিলাসীপাৰা মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰিক তথা পৰিৱেশ অধ্যয়নৰ অধ্যাপক ড০হৰিচৰণ দাস উপস্থিত থাকে।

এই দিৱস উপলক্ষে এক শোভাযাত্ৰাও উলিওৱা হয়। শোভাযাত্ৰা উদ্বোধন কৰে বিলাসীপাৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি গৌতম চৌধুৰীয়ে।

assam nss day bilasipara