/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/bilasipara-1.jpg)
ডিজিটেল সংবাদ, ধুবুৰী : মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে অসমৰ দুগৰাকীকৈ মন্ত্ৰী অজন্তা নেওগ আৰু ৰঞ্জিত কুমাৰ দাস ধুবুৰীৰ বিলাসীপাৰাৰ বেলতলীত ভূ-মাফিয়াৰ আক্ৰমণত মৃত্যুক আকোৱালি লোৱা সপিলুদ্দিন সেখৰৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়াল বৰ্গক সমবেদনা জ্ঞাপন কৰে।
উল্লেখ্য যে জিলাখনৰ বিলাসীপাৰাত যোৱা ২১ আগষ্টত সংঘটিত ভূমি বিবাদক কেন্দ্ৰ কৰি সপিলুদ্দিন নামৰ লোকজনক স্থানীয় চৰাঞ্চলৰ পৰা ৭-৮ জনীয়া দৃষ্কৃতিকাৰীৰ দল এটা আহি নৃশংসভাৱে হত্যা কৰে। উক্ত ঘটনাটোৰ লগত জড়িত এজনো অপৰাধী যাতে সাৰি যাব নোৱাৰে লগতে ভুমি বেদখল বা এনেধৰণৰ অপৰাধ জনিত ঘটনা পুনৰাই সংঘটিত হ'ব নোৱাৰে তাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক কঠোৰ নিৰ্দেশ প্ৰদান কৰে।
সকলো জাতি, জনগোষ্ঠী যাতে মিলাপ্ৰীতিৰে বসবাস কৰিব পাৰে তাৰ বাবে এইখন চৰকাৰে কাম কৰি যাব বুলি উপস্থিত দল সংগঠন, ৰাইজক মন্ত্ৰীদ্বয়ে আশ্বাস প্ৰদান কৰে। ইতিমধ্যে সংঘটিত ভূমি বিবাদ তথা নৃশংস হত্যাকাণ্ডৰ লগত জড়িত সাতজনক বিলাসীপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। সাতজনৰ ভিতৰত চাৰিজনক আৰক্ষীয়ে আদালতৰ যোগেদি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।