বিলাসীপাৰা থানাৰ অ'চি সহ সকলো বিষয়া- কনিষ্টবলক শাস্তিমূলক বদলি

অভিযোগ অনুসৰি যোৱা ২৪ মে'ত কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী বাছেৰ আলীক |বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ড ভৈৰৱগঞ্জৰ ভাড়া ঘৰত নিশা সংঘটিত হৈছিল এই হত্যাকাণ্ড |

author-image
Asomiya Pratidin
New Update
বিলাসীপাৰা থানাৰ অ'চি সহ সকলো বিষয়া- কনিষ্টবলক শাস্তিমূলক বদলি

ডিজিটেল ডেস্কঃ বিলাসীপাৰা থানাৰ অ'চি সহ সকলো বিষয়া কনিষ্টবলক শাস্তিমূলক বদলি। বিলাসীপাৰা থানাৰ অ.চি জ্যোতিৰ্ময় গায়ন, এছ আই পদ্মপানী বৰা, মানসজ্যোতি, ঈশান জ্যোতি শইকীয়া, মানসী চেতীয়া, অনামিকা বৰা, চন্দ্ৰামিতা নেওগ সহ কনিষ্টবল আদি কৰি অৰ্ধ-শতাধিক আৰক্ষীক শাস্তিমূলক বদলি।

Advertisment

অভিযোগ অনুসৰি যোৱা ২৪ মে'ত কোনো দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল ব্যৱসায়ী বাছেৰ আলীক |বিলাসীপাৰা চহৰৰ ৮ নম্বৰ ৱাৰ্ড ভৈৰৱগঞ্জৰ ভাড়া ঘৰত নিশা সংঘটিত হৈছিল এই হত্যাকাণ্ড |

হত্যাকাণ্ডৰ মুল অভিযুক্তৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে | বিলাসীপাৰা আৰক্ষীয়ে মুল অভিযুক্তৰ পৰিৱৰ্তে ছাহজাহান আলীৰ পত্নীক ৩ বছৰীয়া শিশু, ১০ বছৰীয়া কিশোৰক গ্ৰেপ্তাৰ নকৰাকৈ ৬ দিন ৰাখিছিল বিলাসীপাৰা থানাত।

ঘটনা সন্দৰ্ভত ছাহজাহানৰ পৰিয়ালৰ লোকে তৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ| গোচৰৰ ভিত্তিত ন্যায়ালয়ৰ ধমকৰ সন্মুখীন হৈছিল ধুবুৰীৰ SP অপৰ্ণা নটৰাজন|

তাৰপাছতেই শাস্তি মূলক বদলিকৰন হৈছিল SP নটৰাজন | একে ঘটনাত বিলাসীপাৰা আৰক্ষী থানাৰ অ'চি সহ অৰ্ধশতাধিক আৰক্ষী বিষয়া কনিষ্টবলক শাস্তি মূলক বদলি কৰা হয়। |

Also Read: নীটত শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ ৩ ছাত্ৰ-ছাত্ৰীৰ সফলতা

Assam police