/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-10/747a7700-4f66-43cb-8ebc-f650c03f459f/agranii.jpg)
ডিজিটেল সংবাদ, বিলাসীপাৰা: বিলাসীপাৰা মহকুমাক জিলালৈ উন্নতিকৰণ আৰু চাপৰ আৰু সাপটগ্ৰাম মহকুমা গঠন কৰাৰ দাবীত অহা ২৩ অক্টোবৰত এখন গণ অভিবৰ্ত্তন আহ্বান কৰিছে বিলাসীপাৰা জিলা দাবী সমিতিয়ে। উল্লেখ্য ২০১৩ চনৰ পৰা বিলাসীপাৰা মহকুমাক জিলালৈ ৰূপান্তৰিত কৰাৰ লগতে চাপৰ আৰু সাপটগ্ৰাম মহকুমা গঠন কৰাৰ দাবী উত্থাপন কৰি আহিছে সমিতিয়ে।
ইতিমধ্যে বিষয়টো দুবাৰ বিধানসভাৰ মজিয়াত উত্থাপিত হৈছে আৰু বিভাগীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে প্ৰস্তাৱ লোৱাৰ পিছতো চৰকাৰে আজিলৈ কোন ব্যবস্থা গ্ৰহণ কৰা নাই । ইতিমধ্যে দক্ষিণ শালমাৰা মানকাচৰ,মাজুলী,বজালী,তামুলপুৰ আদি কেবাখনো নতুন জিলা গঠন কৰা হয়।
আনহাতে বিলাসীপাৰাত প্ৰয়োজনীয় সকলো অৰ্হতা থকা স্বত্ত্বেও বিলাসীপাৰাক আজিকোপতি জিলা ঘোষণা কৰা নাই। সেয়েহে বিলাসীপাৰা মহকুমাক জিলালৈ উন্নতিকৰণ কৰাৰ গঠন কৰাৰ দাবীত অহা ২৩ অক্টোবৰত চহৰখনৰ প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত পুৱা ১০ বজাত এখন গণ অভিবৰ্ত্তন আহ্বান কৰা হৈছে বুলি সমিতি খনৰ মুখ্য আহ্বায়ক দয়াল পালে জনায়।
উক্ত গণ অভিবৰ্ত্তনত সকলো ৰাজনৈতিক দল,সংগঠন,কৃষক শ্ৰমিক আদি সৰ্বস্তৰৰ ৰাইজক উপস্থিতি 'বিলাসীপাৰা জিলা দাবী সমিতি'য়ে একান্তভাবে কামনা কৰে।