২৩ মে’লৈ অপেক্ষা কিয়? আজিয়েই লওঁক যাদু সম্ৰাট বিক্ৰমৰ নিৰ্বাচনী ফলাফল…

২৩ মে’লৈ অপেক্ষা কিয়? আজিয়েই লওঁক যাদু সম্ৰাট বিক্ৰমৰ নিৰ্বাচনী ফলাফল…

author-image
asomiyapratidin
New Update
২৩ মে’লৈ অপেক্ষা কিয়? আজিয়েই লওঁক যাদু সম্ৰাট বিক্ৰমৰ নিৰ্বাচনী ফলাফল…

এইবাৰ ২০১৯ৰ লোকসভা নিৰ্বাচনৰ ফলাফল কি হ'ব? আগতীয়াকৈ সেই ফলাফল গণনা কৰিছে যাদু সম্ৰাট বিক্ৰমে। ১৪ মে', ২০১৯ত যাদুকৰ গৰাকীয়ে প্ৰস্তুত কৰা ফলাফল জমা ৰখা হ'ব বন্ধ বাকচত। উত্তৰ-পূবৰ ২৪খন আসনত কোন ক'ত জিকিব তাৰ গণনা ইতিমধ্যে সম্পূৰ্ণ কৰিছে তেওঁ। ২৩ মে', ২০১৯ত খোলা হ'ব সেই ফলাফল জমা থোৱা বাকচ। কিন্তু তাৰ পূৰ্বে জানক, কি পাইছে ফলাফল যাদু সম্ৰাট বিক্ৰমে। মঙলদৈ, যোৰহাট, নগাঁও, তেজপুৰত কংগ্ৰেছ নে বিজেপিয়ে মাৰিব হাঁহি? যাদু সম্ৰাট বিক্ৰমৰ সৈতে হোৱা কথোপকথনৰ অন্তত অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে প্ৰস্তুত কৰা এই প্ৰতিবেদনত আগতীয়াকৈ পঢ়ক কি হ'ব এইবাৰ লোকসভা নিৰ্বাচনৰ উত্তৰ-পূবৰ ফলাফল।

যাদুকৰ বিক্ৰমে ২০১৪চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলৰ সন্দৰ্ভত ভৱিষ্যৎবাণী কৰিছিল। যি ভৱিষ্যৎবাণী ১০০ শতাংশই শুদ্ধ বুলি প্ৰমাণিত হৈছিল। ১ মে', ২০১৪ত তেওঁ নিৰ্বাচনী ফলাফল লিখি বন্ধ কৰি থৈছিল এটা বাকচত।

নিৰ্বাচনী ফলাফল ঘোষণা হোৱাৰ পাছত সেই বছৰ যাদুকৰ বিক্ৰমে কৰা ঘোষণাই সঁচা প্ৰমাণিত হৈছিল। ৭খনকৈ আসন লাভ কৰিছিল বিজেপিয়ে। ২০১৯ৰ লোকসভা নিৰ্বাচনৰ পাছত যাদু সম্ৰাট বিক্ৰমে পুনৰ এই প্ৰক্ৰিয়াৰে আগতীয়াকৈ নিৰ্বাচনী ৰিজাল্ট দিয়াৰ প্ৰয়াস কৰিছে যাদুৰ জৰিয়তে।

গুৱাহাটী প্ৰেছ ক্লাৱত ২০১৪চনৰ ১ মে'ত লোকসভা নিৰ্বাচনৰ ফলাফল আগতীয়াকৈ বাকচত বন্দী কৰা মুহূৰ্ততত

২০১৯ৰ লোকসভা নিৰ্বাচনৰ উত্তৰ-পূবৰ ফলাফল তেওঁ ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে। এই ফলাফল এটা বন্ধ বাকচৰ ভিতৰত সংবাদমাধ্যম তথা আন বিশিষ্ট লোকসকলৰ উপস্থিতিত গুৱাহাটী প্ৰেছক্লাৱত জমা থব।

১৪ মে', ২০১৯ অৰ্থাৎ মঙলবাৰে যাদু সম্ৰাট বিক্ৰমে উত্তৰ-পূবৰ ২৪খন আসনৰ ফলাফল এইদৰে আগতীয়াকৈ প্ৰস্তুত কৰি গুৱাহাটী প্ৰেছ ক্লাৱত জমা দিব। ৭টা তলা মাৰি বন্ধ কৰি থ'ব সেই ফলাফল। ২৩ মে'ত নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছত এই ফলাফলসমূহ মিলিছে নে নাই সেয়া চাবলৈ পাব সাধাৰণ ৰাইজে।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণৰ সৈতে হোৱা এক আচুতীয়া সাক্ষাৎকাৰত যাদু সম্ৰাট বিক্ৰমক সোধা হৈছিল- কি হ'ব এইবাৰ অসমৰ ফলাফল? সকলো কেইটা সমষ্টিৰ ফলাফল তেওঁ নকলেও, কেইটামান সমষ্টিৰ সন্দৰ্ভত তেওঁ ইংগিত দিলে অসমীয়া প্ৰতিদিনৰ ডিজিটেল সংস্কৰণক।

যাদু সম্ৰাটগৰাকীৰ মতে, যি কেইটা সমষ্টিক লৈ অসমৰ ৰাইজ কোন জিকিব নিশ্চিত নহয়, সেই সন্দৰ্ভত তেওঁ মেজিকেল প্ৰেডিকশ্যন আৰু অন্যান্য তথ্য সংগ্ৰহ কৰি আগতীয়াকৈ প্ৰস্তত কৰিছে নিৰ্বাচনী ফলাফল।

২০১৪চনত কৰা নিৰ্বাচনৰ ফলাফলৰ গণনা মিলি গৈছিল ১০০ শতাংশ…

অসমৰ ৰাইজৰ দৃষ্টি নিৱদ্ধ হৈ থকা এটা গুৰুত্বপূৰ্ণ সমষ্টি হ'ল তেজপুৰ। ২০১৪চনৰ লোকসভা নিৰ্বাচনত এই সমষ্টিটোৰ পৰা বিজেপিৰ প্ৰাৰ্থী আৰ পি শৰ্মা জয়ী হৈছিল। এইবাৰ অৱশ্যে সমষ্টিটোত প্ৰাৰ্থিত্ব নাপালে আৰ পি শৰ্মাই। আৰ পি শৰ্মাৰ সলনি বিজেপিৰ প্ৰাৰ্থী হৈছিল পল্লৱ লোচন দাস। কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে তেজপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰাক্তন আই এ এছ বিষয়া এম জি ভি কে ভানুৱে। এই সমষ্টিটোত যাদুকৰ বিক্ৰমৰ মতে শেষ হাঁহি মাৰিব বিজেপিয়ে।

নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনী ফলাফলো ইতিমধ্যে প্ৰস্তুত কৰিছে যাদুকৰ গৰাকীয়ে। তৃণমূল পৰ্যায়ৰ তথ্য মেজিক প্ৰেডিকশ্যন আদিৰ আধাৰত এই সমষ্টিটোৰ ফলাফল বিজেপিৰ বাবে সুখকৰ নহয়। যাদুকৰ গৰাকীৰ মতে, নগাঁও লোকসভা সমষ্টিত জয়ী হ'ব কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ।

ইফালে, শিলচৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেৱী জয়ী হোৱাৰ সম্ভাৱনা অধিক বুলি মন্তব্য কৰিলে যাদুকৰ বিক্ৰমে। সেই সমগ্ৰ তথ্য তেওঁ কাইলৈ বন্ধ বাকচৰ ভিতৰত জমা দিব সাংবাদিক আৰু বিশিষ্ট লোকৰ উপস্থিতিত।

মঙলদৈ সমষ্টিত কংগ্ৰেছৰেই সম্ভাৱনা অধিক বুলি মন্তব্য কৰিলে তেওঁ। সেই ফলাফলৰ সন্দৰ্ভত আৰু কিছু কৰণীয় আছে বাবে স্পষ্টকৈ সমষ্টিটোৰ ফলাফলৰ সন্দৰ্ভত কোনো মন্তব্য নকৰিলে যাদু সম্ৰাট বিক্ৰমে।

২০১৪চনত লোকসভা নিৰ্বাচনৰ অসমৰ ফলাফল গণনা কৰিছিল এনেদৰেই…

বৰপেটা লোকসভা সমষ্টি কংগ্ৰেছৰ দখলত, গুৱাহাটীত বিজেপি, ধুবুৰীত এ আই ইউ ডি এফ, ডিফুত বিজেপি জয়ী হ'ব বুলি ক'লেও, যোৰহাট সমষ্টিত কোন জিকিব বুলি কৰা প্ৰশ্ন সন্দৰ্ভত যাদু সম্ৰাট গৰাকীয়ে এই সমষ্টিটোৰ কিছু তথ্য এতিয়াও অধ্যয়ন কৰিবলৈ আছে বুলি জনালে।

বিজেপিয়ে দাবী কৰাৰ দৰেই ফলাফল আপোনাৰ মেজিকত ওলাইছে নে বুলি সোধাত যাদু সম্ৰাটগৰাকীয়ে কয়- তেওঁলোকে ভবাৰ দৰে ৮-৯খন আসন এইবাৰ লাভ নকৰে। ৬খন আসনতে বিজেপি সন্তুষ্ট থাকিব লাগিব বুলি মন্তব্য কৰিলে যাদু সম্ৰাটগৰাকীয়ে।

কংগ্ৰেছৰ আসন বৃদ্ধি পোৱাৰ ইংগিত দিলে তেওঁ। অৱশ্যে ফলাফলৰ সন্দৰ্ভত এতিয়াই সকলো কথা জনাবলৈ অস্বীকাৰ কৰিলে তেওঁ। যাদু সম্ৰাটগৰাকীৰ মতে, ২০১৪ৰ তুলনাত বিজেপিৰ ফলাফল কিছু বেয়া হোৱাৰ বিপৰীতে কংগ্ৰেছৰ আসনৰ সংখ্যা বৃদ্ধি পাব।

২০১৪চনত নিৰ্বাচনৰ এই ভৱিষ্যৎবাণী কৰা যাদু সম্ৰাট বিক্ৰমৰ এই ফলাফল কিমান শুদ্ধ হয় সেয়া জানিবলৈ অপেক্ষা কৰিব লাগিব ২৩ মে', ২০১৯লৈ। ২০১৪চনত যাদু সম্ৰাট বিক্ৰমে এই পদ্ধতিৰেই কৰিছিল সেইবাৰ নিৰ্বাচনৰ আগতীয়া ফলাফল ঘোষণা। যি বাতৰি প্ৰকাশ পাইছিল অসমীয়া প্ৰতিদিনত।

২০১৪ত অসমীয়া প্ৰতিদিন কাকতত প্ৰকাশিত সেই খবৰ…

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ যাদুকৰ গৰাকীয়ে মেজিক প্ৰেডিকশ্যন আৰু অন্যান্য তথ্যপাতিৰ আধাৰত নিৰ্বাচনী ফলাফলৰ পূৰ্বে কৰা এই নিৰ্বাচনী ভৱিষ্যৎবাণী দ্বিতীয়বাৰৰ বাবে ১০০ শতাংশ শুদ্ধ প্ৰমাণিত হ'লে নিশ্চিতভাৱে এয়া হ'ব এক বিৰল কৃতিত্ব!