বিকী আলীৰ এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীক তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

বিকী আলীৰ এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীক তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

author-image
asomiyapratidin
New Update
বিকী আলীৰ এনকাউন্টাৰ: ১৫ দিনৰ ভিতৰত আৰক্ষীক তদন্তৰ প্ৰতিবেদন জমা দিয়াৰ নিৰ্দেশ মানৱ অধিকাৰ আয়োগৰ

ডিজিটেল ডেস্ক: গাড়ীগাঁও বলাৎকাৰ কাণ্ডৰ অভিযুক্ত বিকী আলীৰ আৰক্ষীৰ গুলীত মৃত্যু হোৱা ঘটনাৰ গুৰুত্ব সহকাৰে লৈছে মানৱ অধিকাৰ আয়োগে। বিকীৰ পিতৃ-মাতৃয়ে অভিযোগ কৰা মতে তেওঁলোকে আৰক্ষীক বিকীক গতাই দিয়াৰ পাছত আৰক্ষীয়ে শীতল মস্তিষ্কৰে হত্যা কৰিলে বিকী আলীক।

Advertisment

এই সন্দৰ্ভত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ তুলি বিকীৰ পৰিয়ালে কাষ চাপিছিল ন্যায়ালয় আৰু মানৱ অধিকাৰ আয়োগৰ। বিকীৰ পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত আয়োগে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্তৰ প্ৰতিবেদন জমা দিবলৈ নিৰ্দেশ জাৰি কৰিছে।

এই প্ৰতিবেদনত ১৫ দিনৰ ভিতৰত জমা দিব লাগিব আৰক্ষীয়ে। ইয়াৰ প্ৰতিলিপি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগকো জমা দিয়াৰ নিৰ্দেশ দিয়া হৈছে। উল্লেখ্য় যে, গাড়ীগাঁৱৰ এই বলাতকাৰ কাণ্ডৰে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে চিনাক্ত কৰিছিল ৪জন কিশোৰক। তাৰেই মুখ্য অভিযুক্ত বুলি চিনাক্ত কৰা বিকী আলী আৰক্ষীৰ গুলীত ৰহস্যজনকভাৱে মৃত্যু হৈছিল।

rape case assam guwahati Assam police