/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/57873ba6-8045-4a59-97b3-5eacbd19fe41/AP_FOR_WEB_NEW____bikhekh_lekha_victor.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ঘৰৰ পৰা ওলাই অহা এজন প্ৰাক্তন ছাত্ৰ নেতাক আৰক্ষীয়ে নগাঁৱত গুলিয়াইছিল। ড্ৰাগছ সৰবৰাহকাৰী সজাইছিল ছাত্ৰ নেতাজনক। তেওঁৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰো ৰুজু কৰিছিল।
ৰাইজৰ প্ৰতিবাদত এই সমগ্ৰ ঘটনা উচ্চ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিবলৈ ৰাজ্য চৰকাৰ বাধ্য হৈছিল। ভুৱা এনকাউন্টাৰে প্ৰাক্তন ছাত্ৰ নেতা জনক গুলিওৱা বুলি আৰক্ষীক জগৰীয়া কৰা হৈছিল তদন্তত।
এই ঘটনাৰে জড়িত আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে আইনী কি ব্যৱস্থা গ্ৰহণ কৰা হ'ল। সেই সময়ত নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্বত থকা আনন্দ মিশ্ৰই বহু মিছা কথাৰে ছাত্ৰ নেতাজনক অপৰাধী সজাইছিল।
এজন সাধাৰণ নাগৰিকক অপৰাধী সজাই সমাজলৈ মিছা বাৰ্তা প্ৰেৰণ কৰা আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ বিৰুদ্ধে ভুৱা খবৰ বিয়পোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা হ'ল জানো।
তেওঁৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা বিয়পোৱা বা ধন দাবী কৰা ধাৰা আৰক্ষী উচ্চ পদস্থ বিষয়াসকলে জাপি নিদিলে। ইয়াৰ বিপৰীতে চাকৰিৰ নিযুক্তিৰ নামত কোনো লোকে ৩ পৰা ৭, ৮ লাখ টকা সংগ্ৰহ কৰা বুলি মুখ্যমন্ত্ৰীক টুইটযোগে জনোৱা ভিক্টৰ দাস নামৰ যুৱকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি উক্ত দুই ধাৰা জাপি দিলে।
আৰক্ষীয়ে ভিক্টৰ দাসক যিদৰে অপৰাধী সজাইছে সেয়া কোনো এক প্ৰক্ৰিয়াৰ বিৰুদ্ধে উত্থাপিত অভিযোগ দমাই ৰাখিবলৈ কৰা চেষ্টাৰ বাদে আন একো হ'ব নোৱাৰে। নিযুক্তি প্ৰক্ৰিয়া সম্পন্ন হ'বলৈ এতিয়াও বহু বাকী আছে। কোনোবাই যদি ইয়াক সকীয়াই দিয়ে বা তেনে দুষ্ট চক্ৰৰ উপস্থিতিৰ কথা আৰক্ষীক অৱগত কৰে সেয়া কেতিয়াও এটা প্ৰক্ৰিয়াক নষ্ট কৰিবলৈ কৰা প্ৰয়াস বুলি ধৰি ল'ব নালাগে।
বৰঞ্চ তেনে সম্ভাৱনাৰ প্ৰতি সজাগ দৃষ্টি ৰাখি এই অভিযোগবোৰৰ উপযুক্ত অনুসন্ধান আৰু তদন্ত কৰাতোহে প্ৰয়োজন। সামাজিক মাধ্যমত আন কেইবাটাও পোষ্ট ভাইৰেল হৈছিল। সেই পোষ্টবোৰৰ স্ক্ৰীণশ্বট এতিয়া বিভিন্নজনৰ মাজলৈ বিয়পি পৰিছে।
তেনে এটা স্ক্ৰীণশ্বটত পৰীক্ষা দিবলৈ যোৱা এজন পৰীক্ষাৰ্থীয়ে তেওঁ দেখা এক অভিজ্ঞতা বৰ্ণনা কৰিছে। কাষৰ এজন পৰীক্ষাৰ্থীয়ে কেৱল ৰোল নম্বৰটো লিখি খালী বহীখন জমা দি অহা বুলি উল্লেখ কৰিছে ইয়াত।
এনে হয় নেকি? আজিকালি দুৰ্নীতি-কেলেংকাৰী কৰা পন্থা সলনি হৈছে। কোনোৱে ধৰা পৰাকৈ একো কাম কৰিব নিবিচাৰে। নিযুক্তিৰ নামত অনুষ্ঠিত পৰীক্ষাত খেলিমেলি হোৱা নাই। কিন্তু ভিতৰি এনে কিছু কাম হয় নেকি, যাক সঠিক অনুসন্ধানৰ অবিহনে ধৰা পেলাব নোৱাৰি।
এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আৰক্ষীয়ে কষ্ট কৰিছে। মুখ্যমন্ত্ৰীয়ে আন্তৰিকতাৰে পৰীক্ষা পাতি উপযুক্তজনক নিযুক্তিৰ ব্যৱস্থা কৰিছে। কিন্তু তাৰ মাজত যদি সঁচাকৈয়ে এনে কাৰবাৰ চলিছে, তেতিয়া দেখোন সেয়া অতি ভয়াৱহ হ'ব।
হৈছে বুলি কোৱা নাই, কিন্তু তেনে সম্ভৱনা নুই কৰিব নোৱাৰি এইবোৰ কথাৰ পৰা। আৰক্ষীয়ে এই কথাবোৰ উদঙাই দিয়া লোকসকলকে যদি অপৰাধীৰ দৰে আচৰণ কৰে, তেনেহ'লে সত্য কেনেকৈ উন্মোচন হ'ব?
একেলগে ইমান চাকৰিৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰি অভিলেখ সৃষ্টি কৰাৰ প্ৰৱণতাৰ পৰা চৰকাৰেও মুক্ত হ'ব লাগে। লাখ লাখ নিবনুৱাই ভৰি পৰা ৰাজ্যত নিযুক্তিৰ নিয়মীয়া আৰু ধাৰাবাহিক প্ৰক্ৰিয়া হ'লে ইমান বেছি খামখেয়ালিৰ সৃষ্টি হোৱাৰ সম্ভৱনা নাথাকে।
আৰক্ষী আৰু চৰকাৰে কৈছে - তেওঁলোকে সঠিকভাৱে, নিয়াৰীকৈ পৰীক্ষা পাতিছে। পৰীক্ষা পতাক লৈ প্ৰশ্ন উঠা নাই। এই নিযুক্তি প্ৰক্ৰিয়াৰ মাজত দুষ্ট চক্ৰৰ প্ৰৱেশ, চাকৰি বেচা-কিনাৰ বজাৰ আদি প্ৰসংগবোৰহে উত্থাপন হৈছে।
তেনে প্ৰসংগ উত্থাপন কৰা ভিক্টৰ দাস যদি অপৰাধী হয় তেনেহ'লে এখন গণতান্ত্ৰিক দেশত বাকস্বাধীনতাৰ মৌলিক অধিকাৰ সাধাৰণ লোকৰ পৰা কাঢ়ি নিয়া এই প্ৰৱণতা গণতন্ত্ৰৰ বাবেই বিপদজনক হৈ পৰিব। ভিক্টৰ দাসে কোৱা কথা কেইষাৰে কাৰোবাৰ ভাৱমূৰ্তিত দাগ লগাইছে বুলি ভবাটোৱেই দুৰ্ভাগ্যজনক।
জোৰ কৰি বা সঁচাক মিছা কৰি কোনেও কাৰো কৃতিত্ব কাঢ়ি ল'ব নোৱাৰে। সেই বিচাৰ স্বাভাবিকভাৱেই হ'ব দিব লাগে। ভিক্টৰ দাসে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিচৰা ধৰণে নিকা নিযুক্তি প্ৰক্ৰিয়াত বাধা দিয়া বুলি পৰোক্ষভাৱে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি অৱস্থান লৈছে।
চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াক লৈ কিয় প্ৰশ্ন তুলিব বুলি চৰকাৰে তেওঁক পোতাশাললৈ নিক্ষেপ কৰিছে। সেই প্ৰমূল্যবোধেৰে জানো সততাৰ আধাৰ গঢ়িব পাৰি। অভিযোগ নিশ্চয় থাকিব। কোনোবাটো সঁচা, কোনোবাটো মিছা হ'ব। মানুহৰ মতামতক গুৰুত্ব দিয়াৰ এক পৰিৱেশ প্ৰয়োজন হৈছে এতিয়া। স্ব-পৃষ্ঠপোষকতাত নিজৰেই পূজন আৰু গুণানুকীৰ্তন দীৰ্ঘদিনৰ বাবে কৰিব নোৱাৰি।
সময় আহিলে আৰু ভিক্টৰ দাসৰ জন্ম হ'ব। কিমান দিনলৈ তেওঁলোকৰ কণ্ঠ ৰুদ্ধ কৰিব পাৰিব। ভালক এদিন ভাল, বেয়াক বেয়া বুলি সময়ে চাপ মাৰি যাব। ভিক্টৰ দাস এই অগ্ৰাসী আৰু নিজেই শুদ্ধ বুলি ভৱা এক ব্যৱস্থাৰ বলি হৈছে। সেই কথা এদিন নিশ্চয় পোহৰলৈ আহিব।