/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/Bekhekh-Lekha-New-4.jpg)
মৃদুল কুমাৰ সন্দিকৈ
ৰাজ্যত নিবনুৱা এক ডাঙৰ সমস্যা। এই সমস্যা আন্তৰিকতাৰে সমাধান কৰাতো সকলোৱে বিচাৰে। কেৱল চৰকাৰী খণ্ডতে সকলো নিবনুৱাক নিয়োজিত কৰাতো কেতিয়াও সম্ভৱ নহয়। চৰকাৰী চাকৰি বিপৰীতে এচাম যুৱকে ব্যক্তিগতখণ্ড বা স্বাৱলম্বিতাৰে স্ব-নিয়োজনৰ বাট মুকলি কৰি লৈছে।
চৰকাৰী চাকৰিৰ বাবে নিযুক্তি যোৱা বহু বছৰ ধৰি এক প্ৰহসনত পৰিণত হৈ আহিছে। নিযুক্তিৰ এই কেলেংকাৰী নিৰাময়ৰ বাবে চৰকাৰে শেহতীয়াকৈ কিছু পদক্ষেপ গ্ৰহণ কৰিছে। সেয়া আশাৰ খবৰ। স্বচ্ছ নিযুক্তি প্ৰক্ৰিয়া সকলোৰে কাম্য।
নিযুক্তি আৰু চৰকাৰী চাকৰি কেতিয়াও মেলা হ'ব নোৱাৰে। এই ধাৰণা ৰাজনৈতিক প্ৰদৰ্শনধৰ্মীতাৰ নামান্তৰহে মাথো। খালী হোৱা পদবোৰ গোটাই গোটাই একেলগে লাখ বা হাজাৰৰ ঘৰত নিযুক্তি দি কোনোবাই যদি বাহ বাহ ল'ব খোজে তেনে সেই নিযুক্তি প্ৰক্ৰিয়াত আন্তৰিকতাতকৈ নিজৰ ঢাক-ঢোল বজোৱাৰ প্ৰৱণতাই অধিক যেন লাগে।
নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে নিযুক্তি আয়োগ গঠন কৰিছিল। সেই আয়োগৰ অস্তিত্ব এতিয়া ক'ত সেয়া বিচাৰিব লাগিব। ৰাজ্য চৰকাৰে ২১ আগষ্ট, ২০২২ত চতুৰ্থ বৰ্গৰ আৰু ২৮ আগষ্টত তৃতীয় বৰ্গৰ পদৰ নিযুক্তিৰ বাবে দুটা পৰ্যায়ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছিল।
পুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু দিনৰ ২ বজাৰ পৰা ৪ বজালৈ এই পৰীক্ষা সমূহ অনুষ্ঠিত কৰাৰ বাবে চৰকাৰে অতি কঠোৰ পদক্ষেপ লৈ ইন্টাৰনেট বন্ধ কৰি দিয়াৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিলে। এক কথাত নিযুক্তি পৰীক্ষাৰ বাবে দুটা দিন ইন্টাৰনেট সেৱা বন্ধ কৰি আনসকল লোকক পণবন্দী কৰিলে চৰকাৰে।
দুয়োটা পৰীক্ষাতে ১৪,৩০,৩৩৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱাৰ কথা। এটা পৰীক্ষা হৈ গ'ল যদিও ২৮ আগষ্টৰ পৰীক্ষা এতিয়াও বাকী। ইন্টাৰনেট বন্ধ কৰাৰ ফলত বিপৰ্যস্ত হৈ পৰিল জনজীৱন। সাধাৰণতে প্ৰতি দেওবাৰে কিবা নহয় কিবা এটা নিযুক্তি পৰীক্ষা অনুষ্ঠিত হয়েই। সেই দৃষ্টিৰে চৰকাৰে প্ৰতি দেওবাৰে এই উদাহৰণেৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিলে আন সকলৰ বাবে কিমান সমস্যা হ'ব পাৰে সেই কথাও অনুমান কৰাৰ প্ৰয়োজন হৈ পৰিছে।
ইন্টাৰনেট বিহীন আজিৰ পৃথিৱীৰ কথা মানুহে কল্পনাও কৰিব নোৱাৰে। প্ৰতিটো ক্ষেত্ৰতে ইন্টাৰনেট সেৱাৰ খোজে খোজে আমাক প্ৰয়োজন হয়। তেনে পৰিপ্ৰেক্ষিতত কি দৃষ্টি ভংগীৰে প্ৰায় দিনটো ধৰি ইন্টাৰনেট সেৱা বন্ধ কৰি থলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে।
চৰকাৰে পৰীক্ষা সুকলমে পাতিবৰ বাবে পদক্ষেপ লৈছে। সেয়া ভাল কথা। ভালদৰে পৰীক্ষা অনুষ্ঠিত হৈ যাওঁক। সেয়া সকলোৱে বিচাৰে। কিন্তু এচাম লোকৰ জীৱন আৰু জীৱিকাত গোৰ মাৰি এনে সিদ্ধান্ত লোৱাতো কেতিয়াও মানি ল'ব নোৱাৰি।
১৪৪ ধাৰা জাৰি, বিভিন্ন প্ৰট'কলেৰে অনুষ্ঠিত কৰা এই পৰীক্ষাতো বহু ভুল ৰৈ গ'ল। চৰকাৰী কৰ্মচাৰী বিষয়া সকলক নিৰ্বাচনতকৈ অধিক ব্যস্ততাৰে এই পৰীক্ষা পক্ৰিয়াৰ সৈতে নিয়োজিত কৰিলে। কাছাৰত কলেজৰ অধ্যক্ষক গ্ৰেপ্তাৰ, পৰীক্ষা কেন্দ্ৰৰ ঠিকনা ভুল, ষ্ট্ৰং ৰুমত বিশৃংখলা পৰিৱেশ, হিন্দীৰ প্ৰশ্ন কাকত, উত্তৰ প্ৰদেশৰ পৰা অহা বহি ৰাজ্যৰ পৰীক্ষাৰ্থীৰ পৰীক্ষাত অৱতীৰ্ণ আদি বহু ঘটনা ঘটি গ'ল এই পৰীক্ষাত।
চৰকাৰে পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ নামত যিবোৰ পদক্ষেপ হাতত ল'লে সেয়া এশ শতাংশ সফল নহ'ল। নীট, জে ই ই, ইউ পি এছ ই আদি সৰ্বভাৰতীয় পৰীক্ষা দেশজুৰি অনুষ্ঠিত হয়। এই পৰীক্ষাবোৰতো বহু প্ৰট'কল থাকে। কিন্তু ইয়াৰ বাবে ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া নহয়।
অসমত এই পৰম্পৰাৰে এইটোৱেই প্ৰথম পৰীক্ষা। দেওবাৰৰ দিনটোত মানুহৰ অলেখ সমস্যা হ'ল। ছুইগী, জ'মেটো, ৰেপিড', উবেৰ, অ'লা আদি সেৱা সমূহৰ সৈতে জড়িত যুৱকসকল ইন্টাৰনেট সেৱাৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকৰ এটা দিন কাঢ়ি লোৱাৰ অধিকাৰ চৰকাৰৰ নাই।
তথ্য প্ৰযুক্তি এতিয়া বহু আগবাঢ়িছে। জামাৰৰ জৰিয়তে এটা নিৰ্দিষ্ট ব্যাসাৰ্ধত ইন্টাৰনেট সেৱা বন্ধ কৰি থব পাৰি। সেই ব্যৱস্থা সমূহ কৰাৰ সলনি দৈনন্দিন কাম-কাজত বাধা দি সমগ্ৰ জিলাখনতেই ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া মানেই পৰীক্ষাৰ নামত আজিৰ দিনত আন সাধাৰণ লোক সকলৰ জীৱন অচল কৰি দিয়া।
ডিজিটেল যুগ এতিয়া। চৰকাৰৰ পৃষ্ঠপোষকতাতেই এই ডিজিটেল যুগৰ প্ৰতি মানুহক আগ্ৰহী কৰি তোলা হৈছে। আজিকালি মানুহে পেট্ৰ'ল পাম্পলৈ তেল ভৰাব যাওঁতে নগদ ধন লৈ নাযায়। মোবাইলৰ পৰাই ধনৰ লেনদনে হয়। ৱাটছএপৰ জৰিয়তে বহু গুৰুত্বপূৰ্ণ নথি পত্ৰ বিনিময় হয়। কোনো ব্যক্তিৰ মোবাইলত ইন্টাৰনেট সংযোগ ব্যাহত হ'লে কি অৱস্থা হ'ব পাৰে সেয়া ভুক্তভোগীয়েহে অনুভৱ কৰিব পাৰে।
চৰকাৰে বা যিসকলে এইধৰণৰ পদক্ষেপ ল'লে তেওঁলোকে দ্বিতীয়বাৰৰ বাবে আনসকল লোকৰ কথাও ভাবক। কেৱল ইন্টাৰনেট কাটিয়ে জানো পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব পাৰি। এটা পৰীক্ষা কেন্দ্ৰৰ ভিতৰত পৰীক্ষাৰ্থী সকলক নিয়ন্ত্ৰণ কৰিব পৰা আন বহু ব্যৱস্থা আছে।
ডিজিটেল ইণ্ডিয়াৰ কথা কও আমি। সেই সময়ত এনে পদক্ষেপ এখন চৰকাৰৰ বাবে ব্যৰ্থতাৰ প্ৰতীক বুলিও গণ্য কৰিব পাৰি। পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত মানসিক নিৰ্যাতন কৰাৰ অধিকাৰ আইনে চৰকাৰক দিয়া নাই। যুক্তিসংগত পদক্ষেপ গ্ৰহণ কৰিলে এক স্বচ্ছ, নিকা নিযুক্তি পক্ৰিয়াৰ বাবে তাক সমৰ্থন কৰিব পাৰি। তেনে হোৱাতো সকলোৱে বিচাৰে। কিন্তু ওকণিৰ ভয়ত চুলি খুৰাই দিয়াৰ দৰে কাৰবাৰ কোনোবাই কৰিলে ইয়াৰ বিৰুদ্ধে সহস্ৰজনে প্ৰশ্ন তুলিবই।
দেওবাৰে দেওবাৰে চৰকাৰী চাকৰি, আন বিভাগত নিযুক্তি আৰু প্ৰতিযোগিতামূলক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত হয়। এনে এটা দিন আহিব নেকি সেই পৰীক্ষাবোৰ সুকলমে অনুষ্ঠিত কৰাৰ নামত প্ৰায়বোৰ দেওবাৰতে চৰকাৰে ইন্টাৰনেট সেৱা বন্ধ কৰি দিব। মোবাইলত ভাহি আহিব সেই বাৰ্তা – "প্লীজ চেক ইয়'ৰ ইন্টাৰনেট কানেকশ্যন এণ্ড ট্ৰাই এগেইন"।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us