/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/AP-FOR-WEB-pratibedon-whatsapp.jpg)
কিয় সলনি কৰিব লাগে আপোনাৰ হোৱাটচ এপৰ ডিপি। আৰু কি কি কৰিব লাগিব ১৫ আগষ্টত। চৰকাৰী বিষয়াই নহয় সাধাৰণ ৰাইজেও এই দিনটোত কেইটামান কাম কৰিব লাগিব। এই সন্দৰ্ভত অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন…
আপুনি যদি চৰকাৰী বিষয়া তেন্তে হোৱাটচ এপত আপোনাৰ কি ফটো আছে। আপোনাৰ নিজৰ, সন্তানৰ, কোনোবা প্ৰাকৃতিক দৃশ্য বা আপোনাচৰ প্ৰিয় কোনোবা এখন আলোকচিত্ৰ নিশ্চয় লগাই থৈছে।সেই ডিপি অৰ্থাৎ ডিছপ্লে পিকচাৰ খন অনিশ্চাকৃতভাৱে আপুনি আঁতৰাব লাগিব।
চৰকাৰে নিৰ্দেশ ইতিমধ্যে জাৰি কৰিছে আপোনাৰ ডিপি কি হ'ব? মঙলবাৰে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছিল প্ৰশাসনৰ বিষয়া সকললৈ। দিছপুৰৰ পৰা খোদ মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰেৰণ কৰিছিল এই নিৰ্দেশনা বাৰ্তা।
এই বাৰ্তাত কোৱা হৈছে আগন্তুক স্বাধীনতা দিৱস উপলক্ষ্যে চৰকাৰী বিষয়া সকলে হোৱাটচ এপত নিজৰ ডিপি সলনি কৰিব লাগিব। পূৰ্বৰ ফটোৰ স্থানত লগাব লাগিব ত্ৰিৰংগাৰ ফটো। স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষ্যে "আজাদী কা অমৃত মহোৎসৱ" উদযাপিত হৈ আছে।
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোডীয়েও ছ'চিয়েল মিডিয়াত নিজৰ ডিপি সলনি কৰি ত্ৰিৰংগাৰ ফটো আপলোড কৰিছে। লগতে দেশবাসীৰ প্ৰতিও তেওঁ আহ্বান জনাইছে ত্ৰিৰংগাৰ ফটো আপলোড কৰিবলৈ ।
ৰাহুল গান্ধীয়েও ফেচবুকত সলনি কৰিছে ডিপি। হাতত ত্ৰিৰংগা লৈ থকা জৱহাৰলাল নেহৰুৰ ফটো আপলোড কৰিছে কংগ্ৰেছ নেতা গৰাকীয়ে। লগতে লিখিছে- আমাৰ ত্ৰিৰংগা দেশৰ গৌৰৱ। আমাৰ ত্ৰিৰংগা প্ৰতিজন ভাৰতবাসীৰ হৃদয়ত।
ইফালে চৰকাৰী বিষয়া-কৰ্মচাৰীক ৰাজ্যৰ মুখ্য সচিবে হোৱাটচ এপৰ ডিপি সলনি কৰিবলৈ দিয়া নিৰ্দেশনাই মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। একাংশ বিষয়া-কৰ্মচাৰীৰ মতে হোৱাটচ এপ তেওঁলোকৰ ব্যক্তিগত বিষয়। তাত কি ডিপি লগাব সেই নিৰ্দেশনা দিছপুৰৰ পৰা জাৰি কৰাতো উচিত হোৱা নাই।
আপুনি কোনোবা চৰকাৰী আঁচনিৰ হিতাধিকাৰী নেকি। যদি হয় তেনেহ'লে স্বাধীনতা দিৱসৰ উপলক্ষ্যে আপুনি ঘৰত উত্তোলন কৰিব লাগিব ত্ৰিৰংগা। এই সন্দৰ্ভত চৰকাৰে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে। ত্ৰিৰংগা বিক্ৰীৰ বাবে ঠায়ে ঠায়ে বিক্ৰী কেন্দ্ৰও খুলিছে।
আৰু পঢ়ক: মমতা বেনাৰ্জীৰ মন্ত্ৰীসভাত পাৰ্থ চেতাৰ্জীৰ স্থানত কোন?