/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/07/Bekhekh-pratibedan-new.jpg)
অসমীয়া গ্ৰন্থলৈ আহিছে ভয়াবহ বিপদ। পাঠকৰ অভাৱ নহয়, চোৰৰ প্ৰৱেশ ঘটিছে। গ্ৰন্থ উদ্যোগলৈ কি এই ভাবুকি। অসমীয়া প্ৰতিদিন ডিজিটেলৰ বিশেষ প্ৰতিবেদন-
এতিয়া সৰ্বত্ৰে কেৱল ডিজিটাইলেজেশ্যন।কেতিয়াবা যদি সেয়া আশীৰ্বাদ হৈছে, আন কেতিয়াবা ই হৈ পৰিছে অভিশাপ স্বৰুপ। অসমীয়া গ্ৰন্থৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে এচাম অসাধু লোকে। এতিয়াও অসমীয়া গ্ৰন্থ উদ্যোগ ঠন ধৰি উঠা নাই।
লিখি খাব পৰা পৰিৱেশ সৃষ্টি হোৱা নাই অসমীয়া সাহিত্য জগতত। এহেজাৰ বা ৫০০ কিতাপ বিক্ৰীতেই আমি এখন কিতাপৰ ভাল বিক্ৰী বুলি সন্তুষ্টি লভিছো।
সেই সুযোগকনো এতিয়া কাঢ়ি নিব বিচাৰিছে এই অসাধু চক্ৰই। কিতাপ এখন পাঠকৰ কাষলৈ যোৱাৰ বিপৰীতে কিতাপৰ চলিছে পাইৰেচী।
২৭ জুন ২০২২ত গ্ৰেপ্তাৰ কৰিছিল তেনে অপকৰ্মৰে জড়িত এজন ব্যক্তিক। এসময়ত অসমৰ সংগীত জগতত চিডিৰ প্ৰভাৱ আছিল যথেষ্ঠ। সেই চিডি ব্যৱসায় এনে পাইৰেচীৰ ফলতেই বন্ধ হৈ পৰিছিল। এতিয়া সেই দিশে গতি কৰিছে অসমীয়া গ্ৰন্থ ব্যৱসায়।
লেখক, প্ৰকাশকৰ অনুমতি অৱিহনে অনলাইন যোগে কিতাপৰ পিডিএফ সংস্কাৰণ বিক্ৰী কৰা এজন ব্যক্তিক পাণবজাৰ থানাই গ্ৰেপ্তাৰ কৰাৰ পাছত এই ঘটনা পোহৰলৈ আহে।
ডিজিটেল তিনিচুকীয়া নামৰ এটা ৱেবচাইট যোগে ধৃত মণ্টু ডেকাই এই কলা ব্যৱসায় চলাই গৈছিল। এফালে ছপা কিতাপৰ বিক্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ সমান্তৰালভাৱে পিডিএফ ৰূপত জনপ্ৰিয় গ্ৰন্থ সমূহৰ পাইৰেচী কৰাত এই উদ্যোগটোলৈ নামি আহিছে ভীষণ প্ৰত্যাহ্বান। মাৰ্ঘেৰিটাৰ ববিতা গগৈ নামৰ এগৰাকী মহিলাকো এনে দুষ্কাৰ্যৰে জড়িতৰ অপৰাধত আৰক্ষীয়ে আটক কৰিছে।
এখন কিতাপ ক্ৰয় কৰি পঢ়াৰ মাদকতাই পৃথক।কাগজৰ মূল্য বৃদ্ধি, কিতাপ ছপাৰ ব্যয় বৃদ্ধি আদিবোৰ কাৰণত এখন ছপা কিতাপৰ বাবে পাঠকে কিছু মূল্য ভৰিব লগা হয়। কিন্তু সেই কিতাপখন হাতত লৈ পঢ়া আমেজ আৰু পিডিএফৰ ৰূপত পঢ়া আমেজ পৃথক।
ছপা কিতাপতকৈ কম মূল্যত এই পিডিএফ সংস্কৰণ সমূহ দিয়াৰ ব্যৱস্থা কৰাৰ বাবে এই চোৰাং চক্ৰটোৱ কম দিনৰ ভিতৰত বেআইনীভাৱে লাখ লাখ টকা ব্যৱসায় কৰিব সক্ষম হৈছে।
৭০০০ ৰো অধিক ছপা গ্ৰন্থ চক্ৰটোৱে পিডিএফ যোগে বিতৰণ বা বিক্ৰী কৰিছে। এনে অশুভ পৰম্পৰাই অসমৰ গ্ৰন্থ উদ্যোগ, লেখক সকলোকে বিপদত পেলাব।
সেয়েহে ৰাজ্যৰ লেখক সমাজে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰু পাঠক সমাজক সচেতন হ'বলৈ আহ্বান জনাইছে। এক মুকলি আহ্বানত লেখক সমাজে অনুৰোধ জনাইছে যে- "আমি অসমৰ সহৃদয় পঢ়ুৱৈ তথা সংশ্লিষ্ট সকলোকে সানুনেয় অনুৰোধ জনাইছো, কোনৱে যাতে ছপা গ্ৰন্থৰ এনে অবৈধ পিডিএফ গ্ৰহণ বা সংগ্ৰহ নকৰে। এনে কাৰ্য দৃষ্টিগোচৰ হ'লেও ততালিকে আৰক্ষীক জনাই যেন। এনে বেআইনী কাৰ্যৰ সৈতে জড়িত লোক সকলকো এই কাৰ্যৰ পৰা বিৰত থাকিবলৈ আমি সকিয়াই দিছো। চৰকাৰ, প্ৰশাসন তথা আৰক্ষী বিভাগকো এই ক্ষেত্ৰত সতৰ্ক দৃষ্টি ৰাখি শীঘ্ৰে সমগ্ৰ অসাধু চক্ৰটো চিনাক্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ আমি ইয়াৰ জৰিয়তে সানুনেয় আহ্বান জনাইছো"।
আৰু পঢ়ক: সাহিত্য সভাত উদয় হ'ব নেকি সূৰ্য!