চিৰাঙত বিভিন্ন এলেকাত এচএচবিৰ উদ্যোগত জাতীয় একতা দিৱস উপলক্ষ্যে চাইকেল, মটৰচাইকেল সমদল...

চিৰাঙত বিভিন্ন এলেকাত এচএচবিৰ উদ্যোগত জাতীয় একতা দিৱস উপলক্ষ্যে চাইকেল, মটৰচাইকেল সমদল...

ডিজিটেল সংবাদ, চিৰাং : ভাৰতৰ প্ৰথমজন গৃহমন্ত্ৰী তথা লৌহ মানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিৱস উপলক্ষ্যে সমগ্ৰ দেশজুৰি তিনি দিনীয়া কাৰ্য্যসূচীৰে জাতীয় একতা দিৱস পালন কৰা হৈছে । তাৰ লগত সঙ্গতি ৰাখি শনিবাৰৰ পৰা চিৰাঙৰ কাজলগাঁও স্থিত সশস্ত্ৰ সীমা বল চমুকৈ এচএচবিৰ ১৫ নং বেটেলিয়ানৰ উদ্যোগত তিনি দিনীয়াকৈ জাতীয় একতা দিৱস পালন কৰা হৈছে ।

ৰবিবাৰে ৰাতিপুৱা ১৫ নং বেটেলিয়ানৰ কমান্ডেণ্ডে উদ্বোধনী ভাষন প্ৰদান কৰাৰ অন্তত সমাজত ঐক্য আৰু সম্প্ৰতিৰ উদ্দেশ্য আগত ৰাখি মটৰচাইকেল সমদল উলিওৱা হয় । হাতে হাতে জাতীয় পতাকা লৈ ১৫ নং বেটেলিয়ান মুখ্য কাৰ্য্যালয় চৌহদৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল সমদল কাজলগাঁৱৰ বিভিন্ন এলেকা পৰিভ্ৰমণ কৰি জাতীয় একতা দিৱসৰ লক্ষ্য উদ্দেশ্য সন্দৰ্ভত ৰাইজক অৱগত কৰা হয় ।

উল্লেখ্য যে, শনিবাৰে ৰাতিপুৱাৰ ভাগত অনুৰূপ ভাৱে এক চাইকেল সমদল উলিওৱা হৈছিল । বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্ৰ ছাত্ৰী আৰু নিকটৱৰ্তী গাওঁবাসীয়ে অংশগ্ৰহণ কৰা চাইকেল ৰেলীৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে স্থানীয় গাওঁবুঢ়া ধৰ্মেশ্বৰ ৰায় ।

আনহাতে, এচএচবিৰ ১৫ নং বেটেলিয়ানৰ অন্তৰ্গত আঠখন শিবিৰতো অনুৰূপ ভাৱে চাইকেল সমদল উলিওৱা হয় । এই সমদলত প্ৰায় চাৰি শতাধিক ছাত্ৰ ছাত্ৰী আৰু ৰাইজে অংশগ্ৰহণ কৰে । চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰি-হাতিছাৰ এলেকাতো অনুৰূপ ভাৱে এচএচবিৰ উদ্যোগত জাতীয় একতা দিৱস উপলক্ষ্যে চাইকেল আৰু মটৰচাইকেল সমদল উলিওৱা হয় ।

ভূটানৰ গেলেফু প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা আৰম্ভ কৰা মটৰচাইকেল সমদল দেউশ্ৰী পৰ্যন্ত আহি পুনৰ দাদগিৰি লৈ উভতি যায় । উক্ত জাতীয় একতা দিৱৰ কাৰ্য্যসূচীত আন্তৰ্জাতিক ভাৰত-ভূটান সীমান্তবাসী ৰাইজৰ উপৰি স্কুলীয়া ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহন কৰা পৰিলক্ষিত হয় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in