নগাঁৱৰ বিজয় বিশ্বাসক কলকতাৰ “সুৰ নন্দন” বটাঁ প্ৰদান…

নগাঁৱৰ বিজয় বিশ্বাসক কলকতাৰ “সুৰ নন্দন” বটাঁ প্ৰদান…

author-image
asomiyapratidin
New Update
নগাঁৱৰ বিজয় বিশ্বাসক কলকতাৰ “সুৰ নন্দন” বটাঁ প্ৰদান…

ডিজিটেল সংবাদ, চামগুৰিঃ নগাঁও জিলাৰ শিৱস্থান বৰবালীটুপ গাঁৱৰ ধৰনী বিশ্বাস আৰু শুবাশিনী বিশ্বাসৰ পুত্ৰ বিজয় বিশ্বাসে সংগীতৰ ক্ষেত্ৰখনত সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন মঞ্চত সুধাকন্ঠ ড:ভূপেন হাজৰিকাৰ গীত পৰিবেশন কৰি সুনাম অৰ্জন কৰাৰ লগতে কলকতাৰ বহু কেইটা চেনেলত গীত পৰিবেশন কৰি কলকতা বাসীৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে।

Advertisment

সংগীতৰ ক্ষেত্ৰখনত নিজৰ পৰিচয় জিলিকাই তোলা এইগৰাকী শিল্পীক যোৱা ২৫ ডিচেম্বৰত কলকতাৰ আগশাৰীৰ প্ৰেক্ষাগৃহ জ্ঞান মঞ্চত অনুষ্ঠিত হোৱা সুৰ নন্দন ভাৰতীৰ ২৬ তম বাৰ্ষিক অধিবেশনত কলকতা বাসীৰ ফালৰ পৰা "সুৰ নন্দন" বটাঁৰে সন্মানিত কৰে।নগাঁও জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ এজন বিষয়া হিচাপে ব্যস্ত থকাৰ পিছতো আজৰি সময়ত সংগীত চৰ্চা কৰি এজন সংগীত শিল্পী হিছাপে পৰিচয় দিয়া বিজয় বিশ্বাসৰ এই সফলতাই নগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে।

বৰ্তমান নগাঁও চহৰৰ ইটাচালী তিলক ডেকা পথৰ বাসিন্দা বিজয় বিশ্বাসে কলকতা বাসীৰ পৰা লাভ কৰা এই সন্মানে তেওঁক উৎফুল্লিত কৰিছে বুলি মত প্ৰকাশ কৰাৰ লগতে নিজৰ স্ব ৰচিত গীত সমূহৰ উপৰিও ভূপেন্দ্ৰ সংগীতৰ চৰ্চা কৰি যাব বুলি জানিবলৈ দিছে।