/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/be3effa2-a951-4714-894c-7156ebcc50ed/AP_FOR_WEB_birina.jpg)
ডিজিটেল ডেস্কঃ আহি আছে ৰঙালী বিহু। ৰঙালী বিহুৰ লগত সংগতি ৰাখি প্ৰতিবছৰৰ দৰে ট্রেণ্ডছ আৰু প্রতিদিন টাইমে আকৌ আয়োজন কৰিছে Trends প্রতিদিন বিহুৰে বিৰিণা Season-9 ।
এই বছৰৰ শিতানসমূহ হৈছে বিহু হুঁচৰি, বিহুৱতী আৰু সৰু বিহুবতী । ১৫ মাৰ্চৰ পৰা আৰম্ভ হব অডিচন। ১৫ মাৰ্চৰ পৰা যোৰহাট (জিলা পুথিভঁৰাল)ত অনুষ্ঠিত হব প্ৰথম অডিচন । সেইদৰে ১৭ মার্চত ডিব্ৰুগড় চৌকিডিঙীৰ সাহিত্য সভা অডিট'ৰিয়াম, ১৯ মার্চত লখিমপুৰ মিউজিক কলেজ, ২১ মার্চত মাজগাঁও (তেজপুৰ) শ্রীশ্রী শংকৰ মন্দিৰ আৰু ১২ এপ্রিল জ্যোতি চিত্রবন লগতে ১৩ এপ্রিলত গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব বিহু হুঁচৰি দলৰ অডিচন ।
Trends প্রতিদিনৰ বিহুৰে বিৰিণা Season-9ৰ সৰ্বমুঠ পুৰস্কাৰ ৮ লাখ টকা । দলীয় আৰু বিহুৱতী প্রতিযোগিতাত নিম্নতম বয়স ১৫ বছৰ আৰু সৰু বিহুৱতীৰ, নিম্নতম বয়স ৬ বছৰ আৰু উৰ্ধতম বয়স ১৪ বছৰ ধাৰ্য কৰা হৈছে । প্ৰতিযোগিতাত অংশগ্ৰহণ বাবে কোনো ধৰণৰ মাচুলৰ প্ৰয়োজন নাই। অধিক তথ্যৰ বাবে ৬০০০৬১০২৬৯- নম্বৰত যোগাযোগ কৰক।