৬ এপ্ৰিলত বঙাইগাঁৱত প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান ‘বিহুৰে বিৰিণা’ৰ অডিচন….

৬ এপ্ৰিলত বঙাইগাঁৱত প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান ‘বিহুৰে বিৰিণা’ৰ অডিচন….

author-image
asomiyapratidin
New Update
৬ এপ্ৰিলত বঙাইগাঁৱত প্ৰতিদিন টাইমৰ জনপ্ৰিয় অনুষ্ঠান ‘বিহুৰে বিৰিণা’ৰ অডিচন….

ডিজিটেল ডেস্ক: প্ৰতিদিন টাইমে ৰঙালী বিহুৰ বতৰত আয়োজন কৰা বিহুৰ বিশেষ অনুষ্ঠান বিহুৰে বিৰিণা অডিচন ইতিমধ্যে আৰম্ভ হৈছে। সপ্তম বাৰৰ বাবে আয়োজন কৰা এই জনপ্ৰিয় অনুষ্ঠানৰ ডিব্ৰুগড় আৰু লখিমপুৰৰ সফল সমাপ্তিৰ পিছত ৬ এপ্ৰিল ২০২২ত বঙাইগাঁৱত ইয়াৰ অডিচন অনুষ্ঠিত হ'ব।

Advertisment

উল্লেখ্য যে, বঙাইগাঁৱৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানত মুঠ ৩ টা শিতানত প্ৰতিযোগী সকলে অংশ ল'ব পাৰিব। সেই শিতান কেইটা হ'ল- শ্ৰেষ্ঠ বিহু হুচৰি দল, শ্ৰেষ্ঠ বিহুৱতী আৰু শ্ৰেষ্ঠ বিহুৱা।

ডিব্ৰুগড় চুকাফা ভৱনত ৩০-৩১ মাৰ্চত, লখিমপুৰ জিলা পুথি ভৰালত ২-৩ এপ্ৰিলত বিহুৰে বিৰিণাৰ অডিচন অনুষ্ঠিত হৈ যায়। গুৱাহাটী জ্যোতি চিত্ৰৱণত ৯-১০ এপ্ৰিলত হ'ব অডিচন।এই অডিচনত অংশ ল'ব বিচৰা প্ৰতিযোগী সকলে ৬০০০৬১০২৬৯ নম্বৰত যোগাযোগ কৰিব পাৰে।

এই জনপ্ৰিয় অনুষ্ঠানটো প্ৰতিদিন টাইমে ট্ৰেণ্ডচৰ সহযোগত অনুষ্ঠিত কৰিছে। বিজয়ী প্ৰতিযোগী সকলৰ বাবে আছে আকৰ্ষণীয় উপহাৰ।জনপ্ৰিয় নিউজ চেনেল প্ৰতিদিন টাইমৰ এই অনুষ্ঠানৰ আঁত ধৰিব জনপ্ৰিয় দুই অসমীয়া ছবিৰ অভিনেতা-অভিনেত্ৰীয়ে। উৎপল দাস আৰু বৰষাৰাণী বিষয়াই আঁতধৰা বিহুৰে বিৰিণা প্ৰতিদিন টাইমত ৯ এপ্ৰিলৰ সন্ধিয়া ৭ বাজি ৪৫ বজাৰ পৰা সম্প্ৰচাৰিত হ'ব।

আৰু পঢ়ক: শিশু বলাৎকাৰৰ অভিযুক্ত মুহিম শৰ্মালৈ আৰক্ষীৰ গুলী…

সৰুপথাৰত পিষ্টলসহ আটক এজন…

assam bihu