/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-04/85a44a27-8bc5-46d1-98b0-f1cfbb71829d/bihu.jpg)
ডিজিটেল ডেস্কঃ বিশ্ব অভিলেখেৰে বাপতি সাহোন ৰঙালী বিহুক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ মাজত মাত্ৰ কেইটামান ঘন্টাহে বাকী। বৃহস্পতিবাৰে সন্ধিয়া বিহু নৃত্যৰ নাম অন্তৰ্ভুক্ত হ'ব গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত।
এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব আজি অসমবাসী। ১১,১০৪ গৰাকী বিহুৱা-বিহুৱতী, ঢোলৰ গুমগুমনিত আজি ৰজনজনাব সৰুসজাই। সন্ধিয়া ৫.৩০বজাৰ পৰা ৬.৩০ বজালৈকে অনুষ্ঠিত হ'ব বিহুৰ অনুষ্ঠান।
কাইলৈ (১৪ এপ্ৰিল) প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ ল'ব বিহুৰ অনুষ্ঠানত। সেই সময়তে বিহুৱা-বিহুৱতী সকলক প্ৰদান কৰা হ'ব প্ৰমানপত্ৰ। আনহাতে এই সকলো বিহুৱা-বিহুৱতীক ২৫ হাজাৰকৈ টকা যোগান ধৰিব ৰাজ্য চৰকাৰে।
Also Read: পুনৰ কৰোনাৰ সংক্ৰমণ বৃদ্ধি, ৭০০০তকৈ অধিক লোক আক্ৰান্ত
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us