চিলাপথাৰ বিহুৱা শিল্পী সমাজৰ উদ্যোগত আয়োজিত বিহু কৰ্মশালাৰ সামৰণি

কৰ্মশালাত ১৪০ গৰাকী ঢুলীয়া আৰু নাচনীক প্ৰশিক্ষণ প্ৰদান

author-image
Asomiya Pratidin
New Update
চিলাপথাৰ বিহুৱা শিল্পী সমাজৰ উদ্যোগত আয়োজিত বিহু কৰ্মশালাৰ সামৰণি

ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ বিহুৱা শিল্পী সমাজৰ উদ্যোগত অসমী সংঘৰ বাকৰিত যোৱা ৯ মাৰ্চৰ পৰা অনুষ্ঠিত কৰা ১০ দিনীয়া বিহুৰ প্ৰশিক্ষণ কৰ্মশালাখনৰ শনিবাৰে সামৰণি পৰে। কৰ্মশালাত ১৪০ গৰাকী ঢুলীয়া আৰু নাচনীক প্ৰশিক্ষণ প্ৰদান কৰা হয় ।

Advertisment

কৰ্মশালাত বিহু নাচৰ মুখ্য প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰে অসম বিহুৱতী পাহাৰী বুঢ়াগোহাঁই। ঢোলৰ প্ৰশিক্ষক হিচাপে উপস্থিত থাকে বিশিষ্ট বাদ্য শিল্পী দীপক গগৈ,লিখন গগৈ,সজ্ঞীৱ ৰাজকোঁৱৰ, লুহিতী কোচ,টুটু বৰুৱা,জগত কোঁৱৰ,বিনন্দ বৰুৱাকে ধৰি চিলাপথাৰ বিহুৱা শিল্পী সমাজৰ শিল্পীসকল।

দহ দিনীয়াকৈ আয়োজিত কৰ্মশালাৰ সামৰণি অনুষ্ঠানত অঞ্চলটোৰ বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰী প্ৰশিক্ষাৰ্থীসকলৰ মাজত মান পত্ৰ বিতৰণ কৰে । অনুষ্ঠানৰ শেষত বিশিষ্ট কণ্ঠশিল্পী বিদ্যুৎ বৰফুকনৰ দ্বাৰা সংগীতানুষ্ঠান পৰিৱেশন কৰা হয় বুলি জনায়।

Also Read: পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত চুটিগল্প সন্মিলনৰ আয়োজন

Bohag Bihu