অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় কলামঞ্চ নগাঁও নগৰ শাখাৰ উদ্যোগত বিহুৰ কৰ্মশালা...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় কলামঞ্চ নগাঁও নগৰ শাখাৰ উদ্যোগত বিহুৰ কৰ্মশালা...

author-image
Asomiya Pratidin
New Update
অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় কলামঞ্চ নগাঁও নগৰ শাখাৰ উদ্যোগত বিহুৰ কৰ্মশালা...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যজুৰি ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় কলামঞ্চ নগাঁও নগৰ শাখাৰ উদ্যোগত ১০ দিনিয়া কাৰ্যসূচীৰে চলি আছে বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা।

শতাধিক বিহুৱা-নাচনীয়ে অংশগ্ৰহণ কৰা এই বিহু কৰ্মশালাত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছে বাবুল বৰা, পৱিত্ৰ বৰা, বিহুৱতী জ্যোতিষ্ণা গোহাঁই, ধন মেধিয়ে। উল্লেখ্য যে, এই কৰ্মশালাৰ জৰিয়তে প্ৰশিক্ষণ প্ৰাপ্ত নাচনী-ঢুলীয়াসকলে ১২ এপ্ৰিলত কলঙৰ পাৰত আয়োজন কৰা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ আৰু ৰাষ্ট্ৰীয় কলামঞ্চৰ ৰঙালী বিহু উৎসৱত সমূহীয়া বিহু নৃত্য প্ৰদৰ্শন কৰিব।

৩০ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈকে অনুষ্ঠিত চলিবলগীয়া এই কৰ্মশালাৰ সামগ্ৰিক পৰিচালনা আৰু পৰিকল্পনাৰ দ্বায়িত্বত বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলা সংযোজক কুলদীপ খাউণ্ড, নগাঁও নগৰ শাখাৰ উপসভাপতি সঞ্জীৱ মণ্ডল, সম্পাদক কমল কৃষ্ণপল, ৰাষ্ট্ৰীয় কলামঞ্চ নগাঁও নগৰ শাখাৰ প্ৰমুখ স্মৃতা কলিতাকে আদি কৰি কেইবাগৰাকী কাৰ্যকৰ্তাই পালন কৰি আছে।

Also Read: কংগ্ৰেছ দল পাম্প নোহোৱা ফুটবল...

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ