কৈলাশপুৰৰ বিহুৰ কৰ্মশালাত দুই শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ..

সীমান্তৱৰ্তী নিলখ কৈলাশপুৰত বিহুৰ কৰ্মশালাৰ সামৰনি। দুই শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ।

author-image
Asomiya Pratidin
New Update
কৈলাশপুৰৰ বিহুৰ কৰ্মশালাত দুই শতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ..

ডিজিটেল সংবাদ, চিলাপথাৰ: চ'তৰ আগমৰ পূৰ্বেই ৰাজ্যত ইতিমধ্যেই আৰম্ভ হৈছে ৰঙালীক আদৰাৰ প্ৰস্তুতি। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বিহুৰ কৰ্মশালা দেখিবলৈ পোৱা গৈছে। অসম-অৰুণাচলৰ সীমান্ততো দেখা গৈছে বিহুৰ প্ৰস্তুতি।

Advertisment

অৰুণাচল-অসমৰ সীমান্তঅঞ্চল নিলখত ১ মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাৰ আজি সামৰণি পৰে। বিহুক সঠিক ৰূপত উপস্থাপন আৰু বিহুৰ নীতি নিয়মৰ ওপৰত উঠি অহা প্ৰজন্মক পৰিচয় কৰাই দিবলৈ আয়োজন কৰা হয় এই কৰ্মশালা। উল্লেখ্য যে, দুই শতাধিক প্ৰশিক্ষাৰ্থীয়ে ভাগ লয় এই কৰ্মশালাত।

নিলখ কৈলাশপুৰ অনুৰাগ আত্মসহায়ক গোটৰ উদ্যোগত অনুষ্ঠিত হোৱা এই পষেকীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে নৃত্যাংগনা বৰ বিহুৱতী কৰিশ্মা ভূঞা। লগতে কৰ্মশালাখনিত দিপক গগৈ, বিনন্দ বৰুৱা, ধন হাজৰীকা আদি বাদ্যশিল্পীয়ে ঢোল, পেপা, গগনা, তাল আদি বাদ্যৰ প্ৰশিক্ষণ প্ৰদান কৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট ব্যক্তি থুলন বৰা, কৃষক নেতা ভৱেন শালৈ, সমাজকৰ্মী নবীন শইকীয়া, ৰমেন ফুকন, দিগন্ত শইকীয়া, তপন শইকীয়া, প্ৰবীন বৰাৰ লগতে আয়োজক সমিতিৰ সকলো কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Also Read: Best Picnic Spots Near Guwahati: গুৱাহাটীৰ সমীপতেই আছে আপোনাৰ পছন্দৰ বনভোজস্থলী