বানৰ বাবে বৰদৈচিলা বিহু উৎসৱ বাতিল কৰিলে আয়োজকে

বানৰ বাবে বৰদৈচিলা বিহু উৎসৱ বাতিল কৰিলে আয়োজকে

author-image
asomiyapratidin
New Update
বানৰ বাবে বৰদৈচিলা বিহু উৎসৱ বাতিল কৰিলে আয়োজকে

ডিজিটেল সংবাদ , নগাঁও: নগাঁৱৰ অন্যতম বিহু উৎসৱ উদযাপন সমিতি বৰদৈচিলাই বিহুৰ দুদিনীয়া কাৰ্যসূচী বাতিল কৰিছে ৷ নগাঁৱৰ বিভিন্ন স্থানত হোৱা বানপানীয়ে লাখ লাখ লোকক ক্ষতিগ্ৰস্ত কৰাৰ পৰিপ্ৰেক্ষিতত বিহু উৎসৱটি উদযাপন কৰাৰ পৰা বিৰত থাকিবলৈ বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে।

আনুষ্ঠানিক ভাবে দেওঁবাৰে এই কথা ঘোষনা কৰিছে বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিৰ বিষয়ববীয়া প্ৰশান্ত বৰঠাকুৰ, হিৰণ্য শৰ্মা, অশোক কুমাৰ বৰা আৰু সঞ্জীৱ কুমাৰ বৰাই।মাহৰোলৰ জাছিংফা ৰিজৰ্টত বৰদৈচিলা বিহু উৎসৱ উদযাপন সমিতিয়ে আয়োজন কৰা"বিশেষ অভিনন্দন অনুষ্ঠান আৰু প্ৰীতি সন্মিলন"ত আনুষ্ঠানিকভাৱে সমিতিয়ে এই ঘোষণা কৰে।

আয়োজিত এই প্ৰীতি সন্মিলনত নগাঁও চহৰৰ বিভিন্ন ক্ষেত্ৰৰ অৰিহনা আগবঢ়োৱা বিশিষ্ট ব্যক্তি, সমাজকৰ্মী,সু-সংগঠকক বিহু উদযাপন সমিতিয়ে ফুলাম গামোছাৰে অভিনন্দন জ্ঞাপন কৰে। নগাঁও গুৰুদ্বাৰা প্ৰবন্ধক সমিতিৰ সভাপতি দেবেন্দ্ৰ সিং চোহলী, মাৰোৱাৰী সন্মিলনৰ সভাপতি অনিল শৰ্মা, ব্যৱসায়ী অজয় মিট্টাল, বিশিষ্ট কণ্ঠশিল্পী কৃষ্ণমণি নাথ, মুনীন চমুৱা, নৱ কুমাৰ গগৈ, ৰঞ্জিত বৰা,অমিতাভ বৰা, প্ৰাঞ্জল বৰা, হিমাংশু বৰুৱা, মৃণালিনী বৰা আদিক সন্মান জনায় ৷ বিগত দুটা বছৰত কভিডৰ বাবে বৰদৈচিলা বিহু উৎসৱ বাতিল কৰা হৈছিল।

আৰু পঢ়ক: দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান…

nagaon assam