/asomiyapratidin/media/media_files/2025/05/09/0AztnN3fEQ4dqhQkzCNU.jpg)
ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাই বিহুৰ অনুষ্ঠানসমূহ ১০ মে’ৰ পিছত বাতিল কৰিবলৈ অনুৰোধ জনোৱাৰ পাছতেই ৰাজ্যই কেইগৰাকীও জনপ্ৰিয় গায়ক, গায়িকাই তেওঁলোকৰ অনুষ্ঠানসমূহ বাতিল কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই শিল্পী মানস ৰবীনে প্ৰথমেই বিহু কমিটীসমূহৰ সৈতে আলোচনা কৰি তেওঁৰ অনুষ্ঠানসমূহ বাতিলৰ কথা ঘোষণা কৰে।
ইয়াৰ পিছতেই এজন এজনকৈ কেইবাজনো গায়ক, গায়িকাই তেওঁলোকৰ অনুষ্ঠান বাতিলৰ কথা সামাজিক মাধ্যমৰ জৰিয়তে ঘোষণা কৰিছে। জাটি, মাতিৰ সুগন্ধ থকা গান গোৱা জ্যেষ্ঠ শিল্পী মহেন্দ্ৰ হাজৰিকাই তেওঁৰ ফেচবুক একাউণ্টৰ জৰিয়তে জনাইছে সীমান্তত যুদ্ধৰ বিভীষিকা, আমাৰ সৈনিকক সাহস আৰু লগ দিয়াৰ সময় এয়া। প্ৰথমেই দেশ পিচত উৎসৱ, মহোৎসৱ।
জনপ্ৰিয় গায়ক আচুৰ্য বৰপাত্ৰই তেওঁৰ ফেচবুক, ইনষ্টাগ্ৰাম হেণ্ডেলৰ জৰিয়তে বিহুৰ অনুষ্ঠান বাতিলৰ কথা উল্লেখ কৰি লিখিছে- সাম্প্ৰতিক সময়ত দেশৰ যি যুদ্ধকালীন স্থিতি, তাৰপ্ৰতি লক্ষ্য ৰাখি আমি আজিৰে পৰা আমাৰ অনুষ্ঠানসমূহ পৰিবেশন নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। সকলো ভাৰতীয় সেনা আৰু সীমান্তৱৰ্তী সকলো ভাৰতীয় জনগণ কুশলে থাকক। ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থা, ভাৰতীয় সেনাৰ সাহস আৰু পৰাক্ৰমৰ ওপৰত আমাৰ আস্থা আছে। এই জটিল সময়ছোৱাত আমি দেশৰ লগত আছো।
সেইদৰে আন এগৰাকী জনপ্ৰিয় গায়ক নীল আকাশেও তেওঁৰ অনুষ্ঠান বাতিলৰ কথা ঘোষাণা কৰিছে। তেওঁ ফেচবুকত লিখিছে, দেশতকৈ বিহুৰ অনুষ্ঠানসমূহ কেতিয়াও ডাঙৰ নহয়। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আহ্বানত সম্পূৰ্ণৰূপে সমৰ্থন জনাই আমাৰ বাকী থকা অনুষ্ঠানসমূহ আজিৰে পৰা বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো।
ৰোপৰি তেওঁ লিখিছে দেশৰ বাবে এই জৰুৰী সময়ত আমি সকলো একত্ৰিত হৈ আছো আৰু সদায়ে থাকিম। আমি আকৌ বিহু মাৰিম, গান গাম, নাচিম, ফূৰ্তি কৰিম। কিন্তু ভাৰতীয় সেনাৰ পৰাক্ৰমক সন্ত্ৰাসবাদীৰ জন্মদাতা দেশ পাকিস্তান তচনচ হোৱাৰ পিছতহে।
দেশ সদায় আগত বুলি উল্লেখ কৰি নীলে লিখিছে, আমাৰ সেনাৰ পৰাক্ৰমেই আমাৰ আস্থা-সাহস। সন্ত্ৰাসবাদী নিৰ্মূলৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা বিভাগে গ্ৰহণ কৰা প্ৰতিটো স্থিতি আমি আদৰণি জনাইছো। জয়তু ভাৰত মাতা, জয় আই অসম, জয়তু ভাৰতীয় সেনা।
নীলাক্ষী নেওঁগেও মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ জৰিয়তে জনোৱা আহ্বানৰ পোষ্টটো শ্বেয়াৰ কৰি এই আহ্বানক আদৰণি জনোৱাৰ কথা উল্লেখ কৰিছে। ৰিচা ভৰদ্বাজে দেশৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিহু উদযাপন সমিতিসমূহৰ সৈতে আলোচনাৰ মাধ্যমেৰে তেওঁৰ অনুষ্ঠান বাতিলৰ কথা জনাইছে। একেদৰে বিদীশা দেৱীয়েও ৰাষ্ট্ৰ সুৰক্ষাৰ বাবে আৰম্ভ হোৱা এই যুঁজক পূৰ্ণ সমৰ্থন জনাই তেওঁৰ অনুষ্ঠান বাতিলৰ কথা ঘোষণা কৰিছে।