/asomiyapratidin/media/media_files/2025/05/09/V0jABuanZHNQaHZXKKbw.jpg)
ডিজিটেল ডেস্কঃ দেশৰ সাম্প্ৰতিক অস্থিৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়েই আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিহুৰ অনুষ্ঠানসমূহ বাতিলৰ বাবে অনুৰোধ জনোৱাৰ পাছৰে পৰা ৰাজ্যৰ সৰ্বত্ৰে বিহু অনুষ্ঠান বাতিলৰ খবৰ আহিছে। মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই বিহু কমিটীসমূহে তেওঁলোকৰ অনুষ্ঠান বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
অৱশ্যে আজিও ৰাজ্যৰ কিছু কিছু অঞ্চলত বিহুৰ অনুষ্ঠান অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰীয়ে ১০ মে’ৰ পৰা বিহুৰ অনুষ্ঠান সমূহ প্ৰত্যাহাৰ কৰাৰ আহ্বান প্ৰতি সহাৰি জনাই গায়ক-গায়িকা সকলেও তেওঁলোকৰ অনুষ্ঠান বাতিলৰ কথা ঘোষণা কৰিছে।
৩৬ সংখ্যাক উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল
উৰিয়ামঘাটঃ ৩৬ সংখ্যক উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন বাতিল। সংবাদ মেল যোগে জানিবলৈ দিলে কেন্দ্ৰীয় সমিতিয়ে। সাম্প্ৰতিক সময়ত দেশৰ যুদ্ধকালীন পৰিস্থিতি বাবে মুখ্যমন্ত্ৰীয়ে বিহু সন্মিলন বাতিলৰ বাবে আহ্বান জনাইছিল।তাৰ প্ৰতি লক্ষ্য ৰাখি উৰিয়ামঘাট কেন্দ্ৰীয় ৰঙালী বিহু বাতিল কৰা হৈছে।
উল্লেখ্য যে সমিতিয়ে সন্মিলনৰ বাবে প্ৰায় ৮০ শতাংশ কাম সম্পূৰ্ণ কৰিছিল। বিহু সন্মিলনৰ পুঁজি সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ যোগেদি ভাৰতৰ প্ৰতিৰক্ষা বিভাগলৈ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ অহা ১২ মে' আৰু ১৩ মে'ৰ কাৰ্য্যসূচী বাতিল
ছয়দুৱাৰ: দুদিনীয়াকৈ আয়োজন কৰা গহপুৰ সমজিলাৰ অন্তৰ্গত বৰঙাবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ কাৰ্য্যসূচী বাতিল কৰা হৈছে। এই বিষয়ে উদযাপন সমিতিৰ মুখ্য সম্পাদক প্ৰণৱজ্যোতি ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত উল্লেখ কৰি কয় যে, ভাৰত-পাকিস্তান সীমান্তত সৃষ্টি হোৱা যুদ্ধৰ পৰিৱেশ আৰু অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই জনোৱা আহ্বানৰ প্ৰতি সম্মান জনাই অহা ১২ আৰু ১৩ মে'ত অনুষ্ঠিত হ'বলগীয়া বৰঙাবাৰী কেন্দ্ৰীয় ৰঙালী বিহু সম্মিলনখন বাতিল কৰা সিদ্ধান্ত গ্রহণ কৰা হৈছে।
দেশত এতিয়া যি পৰিৱেশ চলি আছে, সেই পৰিস্থিতিত জনসমাগম আৰু উল্লাসৰ যিকোনো কাৰ্যসূচী অনুষ্ঠিত কৰাতো নৈতিক তথা সামাজিক দৃষ্টিৰে অনুচিত বুলি গণ্য কৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে। বিহু সন্মিলনৰ এই সিদ্ধান্তত সমর্থন জনাই দেশৰ প্রতি দায়িত্বশীল ভূমিকা গ্রহণ কৰি সহানুভূতিশীল হোৱাৰ বাবে অঞ্চলবাসী, বিহুপ্রেমী ৰাইজ আৰু শুভানুধ্যায়ীসকলক অনুৰোধ জনোৱা হৈছে বুলি উল্লেখ কৰি দেশত শীঘ্রে শান্তি আৰু স্থিতি পুনৰুদ্ধাৰ হ'ব আৰু আগন্তুক দিনত এক আনন্দময় পৰিৱেশত বিহুৰ আয়োজন কৰা হ'ব বুলি বিবৃতিটোত উল্লেখ কৰা হৈছে।
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ, বৰদৈচিলা, বসন্ত উৎসৱ আদি বাতিল
নগাঁও: দেশৰ সাম্প্ৰতিক পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি গুৰুত্ব দি, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনাই উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয়, সামাজিক-সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অহা ১৩ মে’ত অনুস্থিত হ’ব লগা কেন্দ্ৰীয় ব’হাগী উৎসৱ উদযাপন সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়াই আজি এই কথা সংবাদ মাধ্যমক অৱগত কৰি জনাইছে যে ১৩ মে’ত দুলীয়াজানত অনুষ্ঠিত হোৱাৰ কথা আছিল কেন্দ্ৰীয় সেৱাবাহিনীৰ কেন্দ্ৰীয় ব’হাগী উৎসৱ৷
দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই বিহু বাতিলৰ সিদ্ধান্ত লোৱা হৈছে৷ দেশৰ যুদ্ধকালীন পৰিস্থিতি আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সহাৰি জনায় নগাঁও জিলাৰ আগশাৰীৰ ৰঙালী বিহু উৎসৱ বৰদৈচিলা বিহু উৎসৱ আৰু বসন্ত উৎসৱ বাতিল কৰা হৈছে।
আজি দুয়োখন বিহু উৎসৱ সমিতিয়ে সংবাদ মাধ্যমৰ আগত এই সিদ্ধান্তৰ কথা জানিবলৈ দিয়ে। উল্লেখ্য যে ১৬ আৰু ১৭ মে’ত নগাঁও চহৰৰ ডচন স্কুল খেল পথাৰত বৰদৈচিলা বিহু ঊৎসৱ আৰু ১৮ মে’ত কলঙৰ বাকৰি নেহৰুবালিত বসন্ত উৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল।
নগাঁও চহৰৰ সমীপৰ শিমলুগুৰিত শিমলুগুৰি ন যুৱক সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত ১২ মে’ত হ’ব লগা বিহু উৎসৱ বাতিল কৰা হৈছে। একেদৰে জিলাখনৰ কলিয়াবৰ ,কঠিয়াতলি ,কামপুৰ ,ৰাইদঙীয়া আদি অঞ্চলৰ কেবাখনো বিহু উৎসৱ বাতিল কৰা হৈছে।