ঢোল বজাই বিহু নাচিলে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীয়ে…

ঢোল বজাই বিহু নাচিলে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীয়ে…

author-image
asomiyapratidin
New Update
ঢোল বজাই বিহু নাচিলে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰীয়ে…

ডিজিটেল সংবাদ, ইটানগৰ: অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দুৰ পাছত এইবাৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনেও বিহু নাচিলে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনেৰ বাসগৃহত দেওবাৰে সন্ধিয়া নাহৰলগুন কৃষ্টি কেন্দ্ৰৰ বিহু হুঁচৰিৰ দলে বিহু প্ৰদৰ্শন কৰে।

Advertisment

ইটানগৰত বসবাস কৰা অসমীয়া লোকসকলে পৰম্পৰাগত বিহুৰ সাজত চাওনা মেইনেৰ চৰকাৰী বাসগৃহত বিহু প্ৰদৰ্শন কৰাৰ সময়ত মুৰত গামোচা মাৰি বিহু নাচিলে উপ-মুখ্যমন্ত্ৰী চাওনা মেইনে। কেৱল বিহু নচাই নহয়, কান্ধত লৈ ঢোলো বজালে চাওনা মেইনে।

উল্লেখ্য যে নাহৰলগুন কৃষ্টি কেন্দ্ৰই সাংস্কৃতিক বিনিময়ৰ এলানী কাৰ্যসুচীৰ অংশ হিচাপে অৰুণাচলৰ বিশিষ্ঠ আৰু গণ্য মাণ্য লোক সকলৰ বাসগৃহত বিহু প্ৰদৰ্শন কৰি আহিছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশত অসমৰ বিহু অতি জনপ্ৰিয় আৰু বিভিন্ন অনুষ্ঠানত অসমৰ বিহু গীতৰ লগতে আন অসমীয়া গীত নিয়মিত পৰিবেশন কৰে স্থানীয় অৰুণাচলী শিল্পীসকলেও।

আৰু পঢ়ক: অপহৰণকাৰীৰ কবলৰ পৰা নিজকে ৰক্ষা এটি ৬ বছৰীয়া শিশুৰ…

itanagar rangali bihu bihu