/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/04/WhatsApp-Image-2022-04-27-at-12.40.41-PM.jpeg)
ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক ,অসমীয়া চহা শ্ৰমজীৱী ৰাইজৰ হিয়াৰ আমঠু ৰঙালী বিহুৰ উচাহত ঢকুৱাখনাবাসী আজিও বিধৌত । মহকুমাটোৰ সৰ্বত্ৰতে বহাগীৰ ধামখুমীয়া অব্যাহত থকাৰ সময়তে মহকুমাটোৰ মুঠ ৭৪ গৰাকী বিশিষ্ট নাগৰিকক ৰঙালীৰ মান্যতা প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী গৰাকীয়ে মহকুমা প্ৰশাসনৰ জৰিয়তে এইসকল বিশিষ্ট ব্যক্তিলৈ প্ৰীতি উপহাৰ প্ৰেৰণ কৰি বহাগ বিহুৰ স্বকীয় পৰম্পৰা অৱধাৰিত ৰাখিছে। বুধবাৰে মুখ্যমন্ত্ৰী প্ৰেৰিত এনেবোৰ ৰঙালীৰ প্ৰীতি উপহাৰ ঢকুৱাখনা মহকুমাটোৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত মুঠ ৬৪ গৰাকী জ্যেষ্ঠ নাগৰিক , বুদ্ধিজীৱী আৰু নেতৃস্থানীয় ব্যক্তিক ঘৰে ঘৰে গৈ প্ৰদান কৰা হয় । মুখ্যমন্ত্ৰীৰ হৈ ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাহুল দলে , কানণগুহ জীতেন গগৈ , লাট মণ্ডল ক্ৰমে মনোৱাৰ হুছেইন, দীপক গগৈ, কঙ্কণজ্যোতি নাথ ,পংকজ সৰকাৰ ,ইন্দ্ৰ বৰুৱা, ফিৰোজ দলে , আব্দুল চফিউল আহমেদ, দেউৰাম সন্দিকৈ আদি ১২ টা লাটৰ সংশ্লিষ্ট লাট মণ্ডল সকলে বিশিষ্ট ব্যক্তি সকলৰ ঘৰত উপস্থিত হৈ মুখ্যমন্ত্ৰী প্ৰেৰিত বিহুৰ উপহাৰ সমূহ সভক্তিৰে প্ৰদান কৰে ।
তদ্রুপ ভাবে ঘিলামৰাৰ সোৱণশিৰী ৰাজহ চক্ৰৰ ৰাজহ চক্ৰ বিষয়া লম্বিত হাজৰিকাৰ নেতৃত্বত কানণগুহ ডম্বৰু দত্ত, লাট মণ্ডল জয়চন্দ্ৰ বৰুৱা, তাপশ বিশ্বাস, বিপুল বৰা আদিৰ সহযোগত চক্ৰটোৰ মুঠ ১০ গৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰত উপস্থিত হৈ ৰঙালী বিহুৰ উপহাৰ সমূহ মান্যতাৰে ব্যক্তি সকলক প্ৰদান কৰে ।
আৰু পঢ়ক: ৩০ এপ্ৰিলত অম্বিকাগিৰী নগৰ 'সেউজ সংঘ'ৰ বাকৰিত 'সেউজ সন্ধিয়া'