বিহুৰ বতৰতে সামন্য কথাতে প্ৰতিবেশীক হত্যা কৰিলে দুই ভাতৃয়ে...

গুৱাহাটী মহানগৰীৰ গড়চুকত সংঘটিত ড জঘন্য হত্যাকাণ্ড। সামন্য কথাৰ বাবেই দুই ভাতৃয়ে মিলি হত্যা কৰিলে চুবুৰীয়াক। হত্যাকাৰী দুই ভাতৃক গ্ৰেপ্তাৰ আৰক্ষীৰ।

author-image
Tushar Pratim
New Update
বিহুৰ বতৰতে সামন্য কথাতে প্ৰতিবেশীক হত্যা কৰিলে দুই ভাতৃয়ে...

ডিজিটেল ডেস্কঃ ৰাজ্যৰ চৌদিশে ৰঙালী বিহুৰ আনন্দ উল্লাস অব্যাহত থকাৰ মাজতেই গুৱাহাটী মহানগৰীত সংঘটিত হল এক জঘন্য হত্যাকাণ্ড। গুৱাহাটী মহানগৰীৰ গড়চুকত সংঘটিত হোৱা এই ঘটনাই অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Advertisment

জানিব পৰা মতে সামন্য কথাৰ বাবেই দুই ভাতৃয়ে মিলি হত্যা কৰিলে এগৰাকী চুবুৰীয়াক। হত্যাকাৰী দুই ভাতৃৰ নাম উৎপল দাস আৰু নৱজ্যোতি দাস বুলি জানিব পৰা গৈছে।

ঘটনাৰ প্ৰাৰম্ভিক খবৰ অনুসৰি ৎপল আৰু নৱজ্যোতিৰ সৈতে সামান্য কথাক লৈ বিবাদ হৈছিল প্ৰতিবেশী কৃষ্ণ কলিতাৰ। সেই বিবাদেই পাছত গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু চোকা অস্ত্ৰৰে দুই ভাতৃয়ে কৃষ্ণক কৰা আক্ৰমণত তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ খবৰ পোৱাৰ পাছতে গড়চুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী উৎপল আৰু নৱজ্যোতিক আটক কৰি পাছত গ্ৰেপ্তাৰ কৰিছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।

 

হত্যাকাণ্ড গড়চুক