চিলাপথাৰত আছুৰ উদ্যোগত বিহুৰ কৰ্মশালা

চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ অনুষ্ঠিত হ'ব এখনি বিহু কৰ্মশালা। নৱ প্ৰজন্মক বিহু সঠিক ৰূপত উপস্থাপনৰ পৰামৰ্শ আৰু প্ৰশিক্ষন প্ৰদানৰ বাবে আয়োজিত কৰ্মশালাত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষন প্ৰদান কৰিব।

author-image
Asomiya Pratidin
New Update
বিহুৰ কৰ্মশালা

বিহুৰ কৰ্মশালা

ডিজিটেল সংবাদ, চিলাপথাৰ: চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত ১ এপ্ৰিলৰ পৰা ১৩ এপ্ৰিললৈ অনুষ্ঠিত হ'ব এখনি বিহু কৰ্মশালা। নৱ প্ৰজন্মক বিহু সঠিক ৰূপত উপস্থাপনৰ পৰামৰ্শ আৰু প্ৰশিক্ষন প্ৰদানৰ বাবে আয়োজিত কৰ্মশালাত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষন প্ৰদান কৰিব।

প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব ডি ৱাই বিহুৰাণী লিজামনি শেনচোৱা, লিখন গগৈ আৰু জগত কোঁৱৰ। খনামুখ আঞ্চলিক যুৱ সংঘৰ বাকৰিত অনুষ্ঠিত হ'ব লগা বিহু নাচ আৰু ঢোল বাদন কৰ্মশালাত ইচ্ছুক প্ৰশিক্ষাৰ্থীক যোগদানৰ বাবে চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰম জিৎ গগৈ আৰু সাধাৰণ সম্পাদক ৰাহুল গগৈয়ে আহ্বান জনাইছে।

চিলাপথাৰ আছু বিহু