ৰুদ্ৰেশ্বৰত জুবিনৰ অনুষ্ঠানত সাংবাদিক নিগ্ৰহৰ ঘটনা..

বিহু অনুষ্ঠানত অভদ্ৰ আচৰণ আয়োজক কমিটীৰ একাংশ স্বেচ্ছাসেৱকৰ..

author-image
Asomiya Pratidin
New Update
ৰুদ্ৰেশ্বৰত জুবিনৰ অনুষ্ঠানত সাংবাদিক নিগ্ৰহৰ ঘটনা..

ডিজিটেল সংবাদ,উত্তৰ গুৱাহাটীঃ জুবিন গাৰ্গৰ সংগীতানুষ্ঠান মানেই যেন সুৰাৰ ৰাগীত মতাল হৈ অভদ্ৰ আচৰণৰ বিচৰণভূমি। দেওবাৰে নিশা উত্তৰ গুৱাহাটী ৰুদ্ৰেশ্বৰত জুবিন গাৰ্গৰ অনুষ্ঠানত অভদ্ৰ আচৰণ কৰে আয়োজক কমিটীৰ একাংশ স্বেচ্ছাসেৱকে।বিহু অনুষ্ঠানত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ কেমেৰা কাঢ়ি দাদাগিৰি দেখুৱাই আয়োজক কমিটীৰ একাংশ সদস্যই।

Advertisment

উল্লেখ্য যে জুবিন গাৰ্গৰ অনুষ্ঠান চলি থকা সময়ত এগৰাকী মহিলাক অভদ্ৰ আচৰণ কৰা ঘটনা কেমেৰাত বন্দী কৰা বাবে আয়োজক কমিটীৰ 'বাবু' নামৰ এজন লোকে প্ৰতিদিন টাইমৰ সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰে।নিশা অনুষ্ঠিত হোৱা ২৯তম ৰুদ্ৰেশ্বৰ ব'হাগী উৎসৱ উদযাপনৰ অনুষ্ঠানত একাংশ উদণ্ড আৰু অভদ্ৰ সদস্যৰ আচৰণত সাধাৰণ দৰ্শকো ক্ষুব্ধ হৈ পৰে।

ৰাজহুৱা স্থানত এইদৰে সাংবাদিক গৰাকীক কৰা অভদ্ৰ আৰু অসভ্য আচৰণৰ লগতে শাৰীৰিক অত্যাচাৰৰ বাবে ৰাইজে আয়োজক কমিটিক ধিক্কাৰ দিয়ে। সংস্কৃতি ৰক্ষাৰ নামত সাংস্কৃতিক অনুষ্ঠান পাতি কাৰোবাক অভদ্ৰ আচৰণ বা মাৰ-পিট কৰাই যেন একাংশ লোকৰ উদ্দেশ্য হৈ পৰিছে।

Also Read: টীয়কৰ কাকজানত পথ দুৰ্ঘটনাঃ আহত এজন

zubeen controversy assam bihu program zubeen garg