অবৈধভাৱে বিদ্যুত সংযোগৰ চেষ্টা, বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু …

অবৈধভাৱে বিদ্যুত সংযোগৰ চেষ্টা, বিদ্যুৎস্পৃষ্ট হৈ যুৱকৰ মৃত্যু …

author-image
asomiyapratidin
New Update
ব্ৰহ্মপুত্ৰত জাঁপ দি মহিলাৰ আত্মহত্যা!

ডিজিটেল সংবাদ,বিহপুৰীয়া : বিহপুৰীয়াৰ সমীপৰ গন্ধীয়া বঙালী চিট গাঁৱত শুকুৰবাৰে সন্ধিয়া এজন যুৱকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু ঘটে ৷ জব্বৰ আলিৰ পুত্ৰ চুলতান আলি (২৮) নামৰ যুৱকজনে অবৈধভাৱে বিদ্যুত সংযোগ কৰিবলৈ বিদ্যুতৰ খুটাত উঠাৰ পাছতে এই কাণ্ডটো সংঘটিত হয় ৷

Advertisment

পৰিয়াল সূত্ৰে জানিব পৰা মতে যোৱা ছমাহমানৰ পূৰ্বে চুলতানে বিদ্যুতৰ বিল পৰিশোধ নকৰাৰ বাবে বিভাগৰ কৰ্মচাৰীয়ে বিদ্যুত সংযোগ কৰ্তন কৰিছিল ৷ সেইসূত্ৰে আজি চুলতানে দুপৰীয়া বিহপুৰীয়া বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত কাইলৈ সমুদায় বিল পৰিশোধ কৰাৰ প্ৰতিশ্ৰুতিৰে আজি সন্ধিয়া নিজে ঘৰৰ কাষতে থকা বিদ্যুতৰ খুটাত উঠি বিদ্যুৎ সংযোগ কৰিবৰ বাবে যত্ন কৰোতেই দুৰ্ভাগ্যজনক ঘটনাতো সংঘটিত হয় ৷

স্থানীয় লোক সকলে ততাতৈয়াকৈ বিদ্যুতস্পৃষ্ট যুৱকজনক বিহপুৰীয়াৰ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে চুলতানক মৃত বুলি ঘোষণা কৰে ৷ ইতিমধ্যে বিহপুৰীয়া আৰক্ষী ঘটনাস্হলীত উপস্থিত হৈ ঘটনাৰ তদন্ত কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা কৰিছে ৷

আৰু পঢ়ক: লণ্ডনত প্ৰকাশ ওদালগুৰিৰ লিখক বৈদ্যনাথ উপাধ্যায়ৰ অনুবাদিত গ্ৰন্থ 'ক্লাব ক্ৰোলিং'

bihpuria assam