ডিক্ৰং নদীৰ বালিচাপৰিত কৃষি বিপ্লৱ : সাতবছৰত কোটিপতি বিহপুৰীয়াৰ প্ৰশান্ত...

ডিক্ৰং নদীৰ বালিচাপৰিত কৃষি বিপ্লৱ : সাতবছৰত কোটিপতি বিহপুৰীয়াৰ প্ৰশান্ত...

ডিজিটেল সংবাদ,বিহপুৰীয়া : ডিক্ৰঙৰ বালি চাপৰিত কৃষি বিপ্লৱৰ সূচনা কৰি সাতবছৰত কোটিপতি হ’ল বিহপুৰীয়াৰ এজন যুৱক ৷ বিহপুৰীয়াৰ পকাদলৰ প্ৰশান্ত ৰাজখোৱা নামৰ উদ্যমী যুৱকজনে ডিক্ৰং নদীৰ বালিচাপৰিত প্ৰায় দহবিঘা ভূমিত আৰম্ভ কৰা উন্নত জাতৰ বগৰী খেতি দৰাই তেৱঁৰ বাবে সৌভাগ্যৰ দুৱাৰ মুকলি কৰি দিয়ে ৷

ডিক্ৰঙৰ চাপৰিত লক্ষাধিক টকা খৰছ কৰি আৰম্ভ কৰা বগৰী দৰাৰ পৰাই বৰ্তমান কোটিপতি প্ৰশান্ত। বছৰেকত চল্লিশ পঞ্চাছ হেজাৰ টকা খৰছ কৰিয়েই প্ৰতি বছৰে প্ৰশান্তই উপাৰ্জন কৰি আহিছে দহৰ পৰা বিশ লাখ টকা ৷ ইতিমধ্যে নিজৰ জিলাৰ লগতে কাষৰীয়া ধেমাজী,যোৰহাট,শোণিতপুৰ আৰু অৰুণাচল প্ৰদেশৰো বজাৰ দখল কৰিছে প্ৰশান্তৰ সুস্বাদু বগৰীয়ে ৷

কৃত্ৰিম সাৰ অথৱা কীটনাশক প্ৰয়োগ অৱিহনেই ,সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা বগৰীৰ অনন্য সোৱাদৰ বাবেই বজাৰত চাহিদা আছে প্ৰশান্তৰ বগৰীৰ ৷ উল্লেখযোগ্য যে কৃষিকৰ্মৰ জড়িয়তে স্থানীয় বহুকেইটা পৰিয়ালক কৰ্ম সংস্থাপন দিবলৈ সক্ষম হোৱা প্ৰশান্ত ৰাজখোৱাই মীন পালনৰ জড়িয়তেও বছৰী লাখ লাখ টকা উপাৰ্জন কৰি আহিছে ৷

ৰাজ্যৰ কৃষি অথৱা মীন বিভাগৰ সহযোগিতা অৱিহনেই যুৱকজনে এই ঈৰ্ষণীয় সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ নিজৰ গাওঁখনৰ লগতে স্থানীয় অঞ্চলতোৰ বিপদগ্ৰস্ত লোক সকলক সহায় কৰি নিজৰ মহানতাৰ পৰিচয় দি অহা যুৱকজনৰ কৰ্মই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ যি সময়ত কৰ্ম সংস্থাপনৰ তাগিদাত ৰাজ্যৰ অধিকাংশ যুৱকেই বহিঃৰাজ্যলৈ ঢাপলি মেলিছে ঠিক তেনে সময়তে প্ৰশান্তৰ দৰে যুৱকৰ কৰ্মই ৰাজ্য খনৰ নিবনুৱা যুৱক সকলৰ বাবে আশাৰ সঞ্চাৰ কৰিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in