'অনুশীলন নাট সমাৰোহ - ২০২৩'ৰ সফল সমাপ্তি

'অনুশীলন নাট সমাৰোহ - ২০২৩'ৰ সফল সমাপ্তি

author-image
Asomiya Pratidin
New Update
'অনুশীলন নাট সমাৰোহ - ২০২৩'ৰ সফল সমাপ্তি

ডিজিটেল সংবাদ,বিহপুৰীয়া: দুদিনীয়া কাৰ্যসূচীৰে বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা 'অনুশীলন নাট সমাৰোহ - ২০২৩'ৰ সোমবাৰেনিশা সামৰণি পৰে৷ বিহপুৰীয়াৰ অন্যতম নাট্য চৰ্চাৰ অনুষ্ঠান 'অনুশীলন'ৰ উদ্যোগত অনুষ্ঠিত হোৱা 'ডাঃ যতীন্দ্ৰ মোহন বৰা সোৱঁৰণী নাট সমাৰোহৰ' দ্বিতীয় দিনা বিশিষ্ট সমাজকৰ্মী , নিবন্ধকাৰ যুগল ফুকনৰ স্মৃতিত জিন্টু ভট্টাচাৰ্যৰ ৰচনা আৰু গুনাকৰ দেৱ গোস্বামীৰ পৰিচালনাত “ যাকেৰি নাহিকে উপাম ” (পূৰ্বৰঙ্গ,গুৱাহাটী) নাটক খন মঞ্চস্থ কৰা হয় ৷

মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জীৱন ভিত্তিত ৰচিত নাট খনে দৰ্শকৰ মন মুহিবলৈ সক্ষম হয় ৷ নাট খনিৰ মুল চৰিত্ৰত পৰিচালক গুণাকৰ দেৱগোস্বামীয়ে কৰা অনবদ্য অভিনয়ে বিহপুৰীয়াবাসীক অভিভুত কৰি তোলে ৷ নাট খনিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পী সকল ক্ৰমে আকাশ দাস, উৎপল পাঠক, দিপাংকৰ বৰা, ঋষি বৰ্মন, বাণীকান্ত মেধী, প্রীতম শৰ্মা, ভৰত চাহু, গৌৰৱ জ্যোতি দাস, অৱিনাশ বৰ্মন, পাপৰি তালুকদাৰ, আকাংখিতা মহন্ত আৰু দিশা বি. কাশ্যপৰ অভিনয়েও দৰ্শক সকলস মুগ্ধ কৰে৷

নাটখনিৰ প্রযোজনা প্ৰৱন্ধক আকাশ দাস, আচ-বাব নিয়ন্ত্ৰক ভৰত চাহু আৰু অবিনাশ, আলোক সজ্জা আৰু নিয়ন্ত্ৰণ হেমন্ত ৰাজকোঁৱৰ, সাজ-সজ্জা সেউজ প্ৰিয়া বৰঠাকুৰৰ,সংগীত ব্যৱস্থাপনা দিপাংকৰ বিশ্ব দত্ত, দেৱজিত দত্ত, দিপাংকৰৰ আৰু সংগীত গুণাকৰদেৱ গোস্বামীৰ ৷

ইপিনে নাটকৰ আৰম্ভণিতে প্ৰয়াত যুগল ফুকনৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্বলন কৰে তেখেতৰ পুত্ৰ উদয় ভানু ফুকনে ( শিবু)৷ 'অনুশীলন'ৰ সম্পাদক অসীম ফুকনে আতঁ ধৰা অনুষ্ঠানত এই বৰ্ষৰ পৰা প্ৰয়াত বিষ্ণু বৰা আৰু তেখেতৰ সহধর্মিনী প্ৰয়াত যোগমায়া বৰাৰ সোঁৱৰণত প্ৰবৰ্তন কৰা 'অনুশীলন শৈক্ষিক বঁটা' প্ৰদান কৰা হয় ।

চাইকীনন্দা কাশ্যপে প্ৰদান কৰা এই বটাঁটি এই বৰ্ষৰ উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা চন্দ্ৰেশ্বৰ বৰুৱা স্মৃতি বিহপুৰীয়া জাতীয় বিদ্যালয়ৰ ছাত্ৰী প্ৰেৰণা চাহুক প্ৰদান কৰা হয়। লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ পৰা অৱতীৰ্ণ হৈ সৰ্বোচ্চ নম্বৰ (শতকৰা ৯৬.১৬) লাভ কৰা প্ৰেৰণা চাহু বিহপুৰীয়াৰ ৰাজবাৰী নিৱাসী দিলীপ চাহু আৰু ৰীতামণি চাহুৰ কন্যা।

Also Read: দ্ৰুততম ১৩০০০ ৰাণঃ অভিলেখ সৃষ্টিকাৰী কোহলী

assam