‘0’ ! বিহপুৰীয়াত ৰিপুন বৰাৰ দৰেই দশা হ’ল প্ৰদশে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

‘0’ ! বিহপুৰীয়াত ৰিপুন বৰাৰ দৰেই দশা হ’ল প্ৰদশে কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ

author-image
asomiyapratidin
New Update
নাৰায়নপুৰতহে কংগ্ৰেছৰ সন্মান ৰক্ষা…

ডিজিটেল ডেস্ক: আকৌ এবাৰ কংগ্ৰেছে মুখ থেকেচা খালে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থাকোতে ৰিপুন বৰাৰ যি দশা হৈছিল সেই একেই দশা যেন হ'ল বৰ্তমান প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। পৌৰসভা নিৰ্বাচনত বিহপুৰীয়া পৌৰসভাত এখনো আসন নাপালে কংগ্ৰেছ দলে। খোদ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীৰ গৃহ সমষ্টিতে এই দশা হ'ল দলটোৰ। ৰিপুন বৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ থকা সময়ত পঞ্চায়ত নিৰ্বাচনত একেই দশা হৈছিল তেওঁৰ গৃহ সমষ্টি গহপুৰত।

Advertisment

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰো একেই অৱস্থা। ১০টা ৱাৰ্ড থকা নাজিৰাত পৌৰসভাত ৯টাতে জয়ী হ'ল বিজেপি প্ৰাৰ্থী। কোনোমতে এটা ৱাৰ্ডত কংগ্ৰেছৰ এজন প্ৰাৰ্থী জয়ী হয়। শিৱসাগৰটো অখিল গগৈৰ একেই দশা।ৰাইজৰ দলৰ প্ৰাৰ্থী মাত্ৰ ২টা ৱাৰ্ডতে জয়ী হ'বলৈ সক্ষম হয়।

assam congress