/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/bihpuria.jpg)
ডিজিটেল সংবাদ, বিহপুৰীয়া : কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰা আৰু কৃষকৰ মাজত প্ৰতিযোগিতাৰ মনোভাৱ সৃষ্টি কৰি অধিক উৎসাহেৰে কৃষি কৰ্মত মনোনিৱেশ কৰোৱাৰ উদ্দেশ্যৰে অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম কৃষক পৰিষদে ৰুপায়ন কৰা কৃষক সংযোগ কাৰ্যসূচীৰ শুকুৰবাৰে সফলতাৰে সামৰণি পৰে ৷
অসম গণ পৰিষদৰ, বিহপুৰীয়া বিধান পৰিষদৰ সহযোগত শুকুৰবাৰে দুপৰীয়া বিহপুৰীয়া জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অগপৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি দিপক বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত অগপৰ কেন্দ্ৰীয় সমিতিৰ ক্ৰমে উপসভাপতি প্ৰবিণ হাজৰিকা, সম্পাদক উৎপল দত্ত, বিত্ত সম্পাদক জয়ন্ত খাউণ্ড, অসম কৃষক পৰিষদৰ সভাপতি পৰেশ চন্দ্ৰ বৈশ্যই অংশগ্ৰহণ কৰে ৷
তেওঁলোকে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ মুঠ ৫০খন বিধান পৰিষদত ৰূপায়ন কৰা এই কৃষক সংযোগ কাৰ্যসূচীৰ জড়িয়তে কৃষক সকলক একত্ৰিত কৰি চৰকাৰী আচঁনি আৰু ইয়াৰ সুফল সমূহ অৱগত কৰাৰ লগতে বান ক্ষতিগ্ৰস্ত এলেকাৰ কৃষক সকলৰ সমস্যাৰ বুজ লৈ সমাধানৰ প্ৰয়াস কৰা বুলি সভাত উল্লেখ কৰে ৷
উল্লেখযোগ্য যে অসম কৃষক পৰিষদে কংগ্ৰেছৰ ভুল নীতিৰ বাবে কৃষক সকল বঞ্চিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি বৰ্তমান কৃষি মন্ত্ৰী অতুল বৰাৰ নেতৃত্বত কৃষক সকলে সফলতাৰ মুখ দেখিছে বুলি উল্লেখ কৰে ৷ কৃষক ৰাইজক প্ৰবঞ্চনা কৰা কংগ্ৰেছ দলে আগন্তুক লোকসভা নিৰ্বাচনত এখনো আসন লাভ নকৰে বুলি দাবী কৰে কৃষক পৰিষদে ৷
অসীম ফুকন আৰু তপন বনীয়াই আঁত ধৰা সভাখনত লখিমপুৰ জিলাৰ অৰ্ধশতাধিক কৃষকক কৃষক পৰিষদে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ৷ এই কাৰ্যসূচীত কটন কলেজ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সম্পাদক তথা বিহপুৰীয়া কন্যা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ দিলীপ হাজৰিকা, অৱসৰপ্ৰাপ্ত কৃষিবিষয়া বিজয় দত্ত আৰু খেৰাজখাট সিমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক দিব্যজ্যোতি বৰুৱাৰ লগতে বিহপুৰীয়া সমষ্টিৰ শতাধিক ভিন্ন দলৰ নেতা কৰ্মী তথা জাতীয় সংগঠনৰ নেতাই দলটোত যোগদান কৰে ৷
সভাত অসম কৃষক পৰিষদৰ কাৰ্যকৰী সভাপতি পূৰ্ণ গন্ধীয়া, কৃষি বিষয়া দেৱজিৎ দত্ত আৰু পশু চিকিৎসা বিষয়া ৰাজু দত্তই কৃষক ৰাইজৰ লগত মতবিনিময় কৰে ৷