ছুটীত আহিছিল ঘৰলৈ, পত্নী-সন্তানৰ সৈতে পিকনিক খাবলৈ গৈ মৃত্যুক সাৱতি ল'লে সীমান্তই

ছুটীত আহিছিল ঘৰলৈ, পত্নী-সন্তানৰ সৈতে পিকনিক খাবলৈ গৈ মৃত্যুক সাৱতি ল'লে সীমান্তই

ডিজিটেল সংবাদ,বিহপুৰীয়া : পহিলা জানুৱাৰীৰ দিনা লখিমপুৰৰ ধলপুৰ জামুগুৰিত শোকাবহ ঘটনা ৷ পিকনিক খাবলৈ গৈ মৃত্যুক সাৱতি ল'লে এজনে। সোৱণশিৰিৰ বুকুত প্ৰাণ হেৰুৱালে সীমান্তই।

নিজৰ চাৰিচকীয়া বাহনেৰে পত্নী , দুই সন্তান আৰু বন্ধুবৰ্গৰ সৈতে বছৰটোৰ প্ৰথম দিনা ধলপুৰ বড়িগাঁৱৰ চিআৰপিএফ জোৱান সীমান্ত শইকীয়াই বনভোজ খাবলৈ গৈছিল জামুগুৰিঘাটলৈ । বনভোজ খাই ঘৰলৈ উভতাৰ সময়ত সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা ।

দুই সন্তান আৰু পত্নীৰ সৈতে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই সোৱণশিৰিৰ বুকুত সোমাই পৰে সীমান্তৰ বাহনখন । বাহনৰ গ্লাচ ভাঙি কোনোমতে পত্নী আৰু দুই সন্তান ৰক্ষা পৰে যদিও সীমান্তৰ মৃত্যু ঘটে ৷ নতুন বছৰত কৰ্মস্থলীৰ পৰা ছুটীত ঘৰলৈ আহি কৰুণ মৃত্যুক সাবটি ল'লে সীমান্তই ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে।

ছুটীত আহিছিল ঘৰলৈ, পত্নী-সন্তানৰ সৈতে পিকনিক খাবলৈ গৈ মৃত্যুক সাৱতি ল'লে সীমান্তই
জামুগুৰিত অসমীয়া প্ৰতিদিনৰ সাংবাদিক দেৱজিৎ হাজৰিকা সম্বৰ্ধনা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in