/asomiyapratidin/media/media_files/2025/05/10/EMSp95qo1Mi61e8YjNfl.jpg)
ডিজিটেল সংবাদ বিহালীঃ ৰাজ্যৰ তিনি তৰপীয়া পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনালৈ মাজত মাথো কেইটামান ঘন্টা বাকী৷ ১১ মে' পুৱা ৭ বজাৰ পৰা ভোট গণনা কেন্দ্ৰত আৰম্ভ হ'ব ভোট গণনাৰ কাম-কাজ৷
ইতিমধ্যে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি ৰাজ্যৰ সৰ্বত্ৰে ভোট গণনাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে৷ একেদৰে ৰাজ্যৰ ৭১ নং বিহালী বিধান সভা সমষ্টিৰ ২১ খন গাওঁ পঞ্চায়ত, ৪ খন জিলা পৰিষদ আৰু ২ খন আঞ্চলিক পঞ্চায়তৰ ভোট গণনা বিহালী সমজিলা কাৰ্যালয়ৰ চৌহদৰ ভোট গননা কেন্দ্ৰত হ'ব৷
বিহালী সমজিলা প্ৰশাসনে বিহালী বিধান সভা সমষ্টিৰ ভোট গণনা সূচাৰুভাৱে সম্পন্ন কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে৷ তাৰমাজতে ৯ মে' তাৰিখে ৭১ নং বিহালী বিধান সভা সমষ্টিৰ নিজ বিহালী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩৭ নং নিজ বিহালী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী চিৰাজ হাজৰিকাই বিহালী সমজিলা কাৰ্যালয়ত হ'বলগীয়া ভোট গননা প্ৰক্ৰিয়াৰ সন্দৰ্ভত বিহালী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া দেৱানন্দ নাথৰ জৰিয়তে অসম ৰাজ্যিক নিৰ্বাচনী আয়োগলৈ দুই দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে৷
নিজ বিহালী পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ ভাৰতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী চিৰাজ হাজৰীকাই অসম ৰাজ্যিক নিৰ্বাচন আয়োগক দুই দফীয়া স্মাৰক পত্ৰত উল্লেখ কৰে যে ১১ মে' তাৰিখে বিহালী সমজিলা কাৰ্যালয়ত বিহালী বিধান সভা সমষ্টিৰ ৪খন জিলা পৰিষদৰ অন্তৰ্গত ভোট কেন্দ্ৰৰ ভোট গণনা পঞ্চায়ত সমূবৰ ক্ৰমিক নম্বৰ অনুসৰি একাদিক্ৰমে গণনাৰ ব্যৱস্থা কৰাৰ দাবী জনোৱাৰ উপৰিও নিজ বিহালী জিলা পৰিষদ সমষ্টিৰ অন্তৰ্গত ৩৬ নং নিজ বিহালী গাওঁ পঞ্চায়ত অন্তৰ্গত ভোট গ্ৰহণ কেন্দ্ৰৰ ভোট গণনা প্ৰথম পৰ্যায়ত হ'ব লাগে যদিও কোনো বিশেষ কাৰণত বহু পলমকৈ ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈ নিশালৈকে গণনা চলিব পাৰে বুলি আশংকা প্ৰকাশ কৰি ৰাজ্যিক নিৰ্বাচন আয়োগক তাৎক্ষণিকভাৱে বিষয়টো হস্তক্ষেপ কৰি শংকা -আংশকামুক্ত আৰু আস্থাৰ নিৰ্বাচন প্ৰক্ৰিয়া বৱ্যস্থা কৰিবলৈ দাবী জনাইছে৷
উল্লেখ্য যে, নিজ বিহালী গাওঁ পঞ্চায়তৰ আঞ্চলিক সদস়্য পদৰ বিৰোধী কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাজ হাজৰীকাই বিহালী উন্নয়ণ খণ্ডৰ খণ্ড বিষয়াৰ জৰিয়তে ৰাজ্যিক নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা স্মাৰপত্ৰৰ প্ৰতিলিপি ভাৰতীয় নিৰ্বাচনী আয়োগ, ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ৰাজ্যৰ সাংবিধানিক মুৰব্বী ৰাজ্যপাললৈ সুকীয়া-সুকীয়াকৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে৷