
ডিজিটেল ডেস্ক : অসম চৰকাৰে চাহ বাগিছাসমূহত আদৰ্শ বিদ্যালয় স্থাপন কৰি চাহ বাগিছাৰ ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত এখোজ আগুৱাই নিয়াৰ প্ৰয়াস কৰিছে চৰকাৰে। কিন্তু বাগিছা অঞ্চলৰ আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়সমূহ নিৰ্মাণৰ নামত চলিছে কি? বিদ্যালয়সমূহ নিৰ্মাণৰ নিবিদা লাভ কৰা ঠিকাদাৰে কাৰ আশীৰ্বাদত সংঘটিত কৰিছে ভয়ংকৰ দুৰ্নীতি ?
এই প্ৰশ্ন উত্থাপন হৈছে বিশ্বনাথৰ জিনজিয়া আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়খন নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম। জনৈক মহেশ্বৰী উপাধিৰ ঠিকাদাৰে বিভাগীয় অভিযন্তাৰে মিলি অতি নিম্নমানৰ সা-সামগ্ৰীৰে নিৰ্মাণ কৰাৰ ফলত বিদ্যালয়ৰ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই ফাট মেলিছে বিদ্যালয়ৰ ৱালসমূহত। কেৱল ইমানেই নহয় বিদ্যালয়খনৰ বিভিন্ন ঠাইত বৰষুণৰ পানী পৰা পৰিলক্ষিত হৈছে। যাৰ ফলত এতিয়া ছাত্ৰ-ছাত্ৰীৰ জীৱন নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।
ইফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আত্মীয়ই বিদ্যালয়খনৰ ফাৰ্নিচাৰ আৰু মহান মনিষীসকলৰ ফটো চিত্ৰাংকনৰ নিবিদা লাভ কৰিছিল। কিন্তু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আত্মীয় হোৱাৰ সুবাদতেই তাতো সংঘটিত কৰিলে ভয়ংকৰ কেলেংকাৰী। ফাৰ্নিচাৰসমূহ অতি নিম্নমানৰ হোৱাৰ লগতে মহান মনিষীসকলৰ ফটো উপস্থাপন কৰিলে বিকৃত ৰূপত। মহাত্মা গান্ধী, শংকৰদেৱ, লাচিত বৰফুকনৰ ফটো বিকৃত ৰূপত উপস্থাপন কৰি লজ্জানত কৰিলে সমগ্ৰ শিক্ষা বিভাগটোক।
কেৱল ইমানেই নহয় জিনজিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ নাম পৰিৱৰ্তন কৰি জিঞ্জিয়া উচ্চ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আত্মীয়ই। যাক লৈ এতিয়া বিহালীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দল সংগঠনে বিষয়টোৰ সন্দৰ্ভত তদন্তৰ দাবী তুলিছে। মুঠতে নামতহে আদৰ্শ বাকী সকলোতেই কেৱল দুৰ্নীতি আৰু লুণ্ঠনৰাজ।
এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আত্মীয় আৰু বিদ্যায়লয়খন নিৰ্মাণৰ নিবিদা লাভ কৰা চৰকাৰৰ একাংশ বৰমূৰীয়াৰ আশীৰ্বাদ পুষ্ট জনৈক মহেশ্বৰী উপাধিৰ ঠিকাদাৰজনৰ বিৰুদ্ধে দুৰ্নীতিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।