/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/7a732ae4-9d7e-4d8a-8a52-3cfdb08a532a/ffd.jpg)
ডিজিটেল সংবাদ, বিহালীঃ সম্প্ৰতি দেশৰ লগতে অসমতো সাংবাদিক নিৰ্যাতনৰ ঘটনা দিনক দিনে বৃদ্ধি হৈ আহিছে। সত্য নিষ্ঠ বাতৰি পৰিবেশন কৰিবলৈ গৈ চৰকাৰী প্ৰশাসন,জনপ্ৰতিনিধি,দালাল, মাফিয়া সকলোৰে হাতত মানসিক শাৰীৰিক ভাৱে সাংবাদিক নিৰ্যাতিত হৈ অহাৰ ফলত সাংবাদিক সকলৰ জীৱন নিৰাপত্তা অনিশ্চয়তাত ভুগিব লগীয়া হৈছে।
শেহতীয়াকৈ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধি নগাঁৱৰ আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰতে আয়ুক্তৰ হাতত প্ৰহৃত হোৱা ঘটনাই সংবাদ মাধ্যমৰ লগতে সমাজৰ সকলো স্তৰৰ সচেতন লোকক চিন্তিত কৰিছে। এই অপমান অন্যায় সহজভাৱে গ্ৰহণ কৰিবলৈ সকলো অপাৰগ। সেয়ে এই ঘটনাৰ প্ৰতিবাদত সোমবাৰে সাংবাদিকৰ সংগ্ৰামী সংগঠন আছাম প্ৰেছ কৰ'ছপণ্ডেন্টছ ইউনিয়ন( আপকু)ৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বানত বিভিন্ন সংগঠনৰ সহযোগত বিশ্বনাথ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত ক'লা ফিটা পৰিধান কৰি অৱস্থান ধৰ্মঘট পালন কৰে।
ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আছাম প্ৰেছ কৰ'ছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকুৱে অসমৰ মুখ্যমন্ত্ৰীলৈ কেইবাটাও দাবী সম্বলিত এখন স্মাৰক পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে প্ৰেৰণ কৰাৰ লগতে প্ৰতিবাদ স্থলীত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। স্মাৰক পত্ৰত জনোৱা হয় যে, সাম্প্ৰতিক সময়ত সাধাৰণ নাগৰিকৰ পৰা আমোলা-বিষয়ালৈকে সকলোৱে সাংবাদিক আক্ৰমণ ,দু-ব্যৱহাৰ আদি জঘন্য ঘটনা সংঘটিত কৰি আহিছে আৰু এনে কাৰ্য বৃদ্ধি পাইছে ৷
অলপতে নগাওঁ জিলাৰ আয়ুক্তজনেও সাংবাদিকক কাৰ্যালয়ৰ ভিতৰত আক্ৰমণ কৰি অশুভ পৰম্পৰা সৃষ্টি কৰিলে৷ গতিকে অসমৰ মুখ্যমন্ত্ৰী ডা০ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিক নিগ্ৰহ আৰু মৰ্যদাহানিকৰ বিষয়ত কঠোৰস্থিতি গ্ৰহণ কৰাৰ হেতুকে ''সাংবাদিক সুৰক্ষা আইন'' প্ৰণয়ন কৰিব লাগে ৷ তদুপৰি ক্ৰমাৎ সংবাদ আৰু সাংবাদিকৰ জীৱন-সম্পতি ,মান-মৰ্যদা , নিৰাপত্তা প্ৰশ্ন জৰীত বিষয়টোৰ উপৰিও ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ১৯ ৰ সুৰক্ষা প্ৰদান কৰিব লাগে ৷
আপকুৱে দৃঢ়তাৰে বিশ্বাস কৰে যে , সম্প্ৰতি অসমৰ সৰ্বত্ৰে সাংবাদিকে সাধাৰণ নাগৰিককো প্ৰশ্ন অৱতাৰণা কৰিব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হৈছে ,অনিয়ম-দূৰ্নীতিৰ বিৰুদ্ধে কলম চলালে আক্ৰমণৰ বলি হোৱাটো নিশ্চিত হৈ পৰিছে৷ এনে পৰিস্থিতিত সাংবাদিক সুৰক্ষাৰ বাবে আইন প্ৰণয়ণ কৰাৰ বাহিৰে আন বিকল্প নাই ৷
সেয়েহে স্মাৰক পত্ৰযোগে সাংবাদিক দীপাঙ্কৰ মেধীক আক্ৰমণ কৰা আই এছ এছ বিষয়া নগাওঁ জিলা আয়ুক্তক তীব্ৰ ভাষাৰে আপকুৰ লগতে প্ৰতিবাদ স্থলীত উপস্থিত থকা সংগঠন সমূহে নিন্দা কৰিছে ৷ সমান্তৰালভাৱে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ-১৯ আক্ৰমণকাৰী আই এ এছ নগাওঁৰ আয়ুক্ত গৰাকীৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ পদক্ষেপ ল'ৱলৈ স্মাৰক পত্ৰত দাবী জনোৱা হৈছে।
ইপিনে আপকুৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক ৰূপজ্যোতি শইকীয়াই আঁত ধৰা প্ৰতিবাদী সভাত বিশ্বনাথৰ সমাজ সেৱক বিদ্যুৎ শৰ্মা আৰু অমৃত হাজৰিকা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি দিলীপ গজুৰেল,আমচুৰ বিশ্বনাথ জিলাৰ সভাপতি ফকিৰ আলি, বীৰ লাচিত সেনাৰ ভাৰপ্ৰাপ্ত মূখ্য সচিব সৌৰভ বৰা, বি নিউজৰ স্বতাধিকাৰী দিব্যজ্যোতি বৰুৱা ,অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাৰ ৰাজ্যিক সভাপতি প্ৰকাশ কায়স্থ আৰু বিশ্বনাথ জিলা আপকুৰ মুখ্য উপদেষ্টা অমিভাভ বৰুৱা আৰু কাৰ্যকৰী সভাপতি অঞ্জন শইকীয়াই সাংবাদিক নিৰ্যাতনৰ প্ৰতিবাদ জনায় বক্তব্য প্ৰদান কৰে। আজিৰ এই কাৰ্যসূচীত আপকু, অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা,বি নিউজৰ অৰ্ধশতাধিক সাংবাদিকৰ লগতে বিশ্বনাথৰ গোৰ্খা ছাত্ৰ সন্থা,আমচু,বীৰ লাচিত সেনা আদি সংগঠনৰ কৰ্মকৰ্তা,বিষয় ববিয়া সকল উপস্থিত থাকে।
Also Read: বনভোজ খাই উভতাৰ পথতেই ভয়ংকৰ পথ দুৰ্ঘটনা...