ৰাইজেই ৰজা : বিহালীত পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰালে স্থানীয় ৰাইজে...

খাতিখোৱা দৰিদ্ৰ ওপৰত মাধমাৰ সোধাই বহু দিনৰ পৰা বিশ্বনাথ, বিহালী অঞ্চলত পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱেৰিঙৰ কাম অব্যাহত ৰাখিছে

author-image
Asomiya Pratidin
New Update
ৰাইজেই ৰজা : বিহালীত পাৱাৰ গ্ৰীডৰ লাইন সংযোগৰ কাম বন্ধ কৰালে স্থানীয় ৰাইজে...

ডিজিটেল ডেস্ক : খাতিখোৱা দৰিদ্ৰ লোকৰ ওপৰত মাধমাৰ সোধাইছে পাৱাৰগ্ৰীড কৰ্পৰেচনে। আজি বহু দিনৰ পৰা বিশ্বনাথ তথা বিহালীৰ বিভিন্ন অঞ্চলত পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱেৰিঙৰ কাম অব্যাহত ৰাখিছে। এই ৱেৰিঙৰ কামৰ বাবে অধিগ্ৰহণ কৰিছে বহু লোকৰ ভুমি।এই ভূমি অধিগ্ৰহণ কৰা লোকক পাৱাৰগ্ৰীড কৰ্পৰেচনে ভূমি অধিগ্ৰহণ কৰা বাবদ ক্ষতি গ্ৰস্ত লোকক উপযুক্ত ক্ষতি পূৰণ প্ৰদান কৰাৰ পিছতেহে উক্ত ভূমিত কাম চলাব লাগে যদিও সেইয়া হৈ নুঠিল।

Advertisment

কৃষিজীৱী লোকক খেতিপথাৰ তথা বহু দৰিদ্ৰ লোকৰ ভেটি মাটি অধিগ্ৰহণ কৰিছে যদিও পাৱাৰগ্ৰীড কতৃপক্ষই সেই সকল লোকক প্ৰদান নকৰিলে ক্ষতিপূৰণ। কিছু সংখ্যক লোকক ক্ষতি পূৰণ দিছে যদিও উপায়ুক্ত পৰিমাণৰ নহয়। যাৰ বাবে মঙলবাৰে বিশ্বনাথৰ অন্তৰ্গত বিহালী সমষ্টিৰ মোনাবাৰীবস্তিৰ স্থানীয় লোকসকল ক্ষোভিত হৈ পৰে পাৱাৰ গ্ৰীড কৰ্পৰেচনৰ বিৰুদ্ধে।

মোনাবাৰি বস্তিত এইদৰে পাৱাৰ গ্ৰীড কৰ্পৰেচনে ৱাৰিং নিৰ্মাণৰ কাম কৰিবলৈ লওঁতেই কাম বন্ধ কৰায় স্থানীয় ৰাইজে। স্থানীয় ৰাইজে উক্ত স্থানতে পাৱাৰ গ্ৰীড কৰ্পৰেচৰ বিৰুদ্ধে বিভিন্ন শ্লগান প্ৰদৰ্শন কৰি তেওঁলোকৰ উপযুক্ত পৰিমানৰ ক্ষতিপূৰণ প্ৰদান নকৰা লৈকে উক্ত নিৰ্মাণ কাম বন্ধ ৰাখিবলৈ দাবী জনাই।

Also Read: কোন হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ?

GOVT OF ASSAM