বিহালীত ব্যক্তিগত লাভৰ বাবেই শিমলু গছ কাটি তহিলং চাহ খেতিয়কৰ...

বিহালীত বনধ্বংস যজ্ঞ অৱধাৰিত ৰূপত৷ শেহতীয়াভাৱে বিহালীৰ মাঘে ৰৌমাৰীৰ বেদেতী নদী পাৰত থকা বহুপুৰণি দু-ডাল প্ৰকাণ্ড শিমলু গছ কাটি তহিলং কৰিছে এজন পুঁজিপতি চাহ খেতিয়কে ৷ তথ্য অনুসৰি চাহ কলঘৰ নিৰ্মাণৰ বাবে চৰকাৰী ভূমিত থকা বহুপুৰণি প্ৰকাণ্ড শিমলু গছ দুজোপা কাটিছে পুঁজিপতি চাহ খেতিয়ক জনকৈ ক্ষেমৰাজ নামৰ লোকজনে৷

author-image
Asomiya Pratidin
New Update
বিহালীত ব্যক্তিগত লাভৰ বাবেই শিমলু গছ কাটি তহিলং চাহ খেতিয়কৰ...

ডিজিটেল সংবাদ, বিহালীঃ বিহালীত বনধ্বংস যজ্ঞ অৱধাৰিত ৰূপত৷ শেহতীয়াভাৱে বিহালীৰ মাঘে ৰৌমাৰীৰ বেদেতী নদী পাৰত থকা বহুপুৰণি দু-ডাল প্ৰকাণ্ড শিমলু গছ কাটি তহিলং কৰিছে এজন পুঁজিপতি চাহ খেতিয়কে ৷ তথ্য অনুসৰি চাহ কলঘৰ নিৰ্মাণৰ বাবে চৰকাৰী ভূমিত থকা বহুপুৰণি প্ৰকাণ্ড শিমলু গছ দুজোপা কাটিছে পুঁজিপতি চাহ খেতিয়ক জনকৈ ক্ষেমৰাজ নামৰ লোকজনে৷

Advertisment

উল্লেখযোগ্য যে ,বিহালীৰ মাঘে ৰৌমাৰীস্থিত বেদেতী নদী পাৰত থকা এই প্ৰকাণ্ড শিমলু গছ কেইজেপাত আছিল বিভিন্ন পৰিভ্ৰমী চৰাই বাসস্থান ৷ আনকি সময়ে সময়ে দুস্পাপ্য বৰটোকোলা ,বগলী আদি জাতীয় চৰাইয়ে বসতি স্থাপন কৰিছিল ৷ কিন্তু; ব্যক্তিগত লাভালাভৰ বাবে পুঁজিপতি চাহ খেতিয়ক ক্ষেমৰাজে শিমলু গছ কেইজোপা ধ্বংস কৰাত বিহালীৰ প্ৰকৃতি প্ৰেমীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷

তাৎপৰ্যপূৰ্ণ যে , চৰকাৰী ভূমিত থকা দুস্পাপ্য শিমলু গছ কেইজোপা কাটি ধ্বংস কৰি উক্ত এলেকাত চাহ কলঘৰ নিৰ্মাণ কৰিৱলৈ তৎপৰ হৈছে পুঁজিপতি ক্ষেমৰাজ ৷ ভয়ংকৰ অভিযোগতো হ'ল , বন আইন অনুসৰি দুস্পাপ্য শিমলু গছ কটাত আছে নিষেধাজ্ঞা ৷ তদুপৰি ক্ষেমৰাজে এই দুইজোপা শিমলু গছ কটীৰ বাবে বন বিভাগৰ পৰা লোৱা নাই অনুমতি৷ ইপিনে বন বিভাগৰ পৰা অনুমতি বিচাৰিলেও আইন মতে বন বিভাগে শিমলু গছ কটাৰ বাবে প্ৰদান কৰিব নোৱাৰে অনুমতি ৷

তেনেক্ষেত্ৰত পুঁজিপতি ক্ষেমৰাজে কেনেকৈ সাহস কৰিছে শিমুল গছ দুজোপা কাটিৱলৈ সিও এক প্ৰশ্ন৷ প্ৰশ্ন হ'ল পুঁজিপতি চাহ খেতিয়ক ক্ষেমৰাজে বন আইন উলংঘা কৰি পৰিভ্ৰমী চৰাই বসতি স্থল শিমুল দুজোপা কাটি ধ্বংস কৰাৰ অপৰাধত ক্ষেমৰাজক পুৱ শোণিতপুৰ বন সংমণ্ডৰ বৰমূৰীয়াই আইনৰ আওতাত আটক কৰি উপযুক্ত শাস্থি বিহিৱলৈ সাহস হ'ৱনে,নে মেনেজ ফৰ্মূলাত বৈধ হ'ৱ ক্ষেমৰাজৰ বন ধ্বংস কাণ্ড ৷

বিহালী