বিহালীৰ বৰগাঁও চাহ বাগিছাত মাতৃৰ হাত প্ৰাণ গ'ল সন্তানৰ...

জীৱ শ্ৰেষ্ঠ মানুহৰ এক অতিজঘন্য আসূৰিক কাণ্ডই জোকাৰি গৈছে বিহালীৰ সমাজ জীৱন৷ মানুহ কিমান হৃদয়হীন, পাষাণ হৃদয়ৰ হ"লে নিজ জন্মদাত্ৰী মাতৃ এগৰাকীয়ে সদ্যজাত দেৱশিশুক কোলাত লৈ এমোকোৰা

author-image
Asomiya Pratidin
New Update
ujujs

ডিজিটেল সংবাদ, বিহালীঃ  জীৱ শ্ৰেষ্ঠ মানুহৰ এক অতিজঘন্য আসূৰিক কাণ্ডই জোকাৰি গৈছে বিহালীৰ সমাজ জীৱন৷ মানুহ কিমান হৃদয়হীন, পাষাণ হৃদয়ৰ হ"লে নিজ জন্মদাত্ৰী মাতৃ এগৰাকীয়ে সদ্যজাত দেৱশিশুক কোলাত লৈ এমোকোৰা হাঁহিৰে সুখী হোৱাৰ বিপৰীতে সদ্যজাত দেৱশিশু কোলাত লৈ হত্যা কৰাৰ বাবে উদ্যত হ'ব পাৰে সেই প্ৰশ্ন আধুনিক সভ্য সমাজৰ বাবে এক বৃহৎ জটিল প্ৰশ্ন৷

Advertisment

শেহতীয়াভাৱে তেনে এক হৃদয় বিদাৰক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে বিহালীত৷ প্ৰাপ্ত তথ্যমতে,বিহালীৰ বৰগাঁও চাহ বাগিছাৰ ৯ নম্বৰ লাইনত সংঘটিত হৈছে এক সদ্যজাত দেৱশিশুৰ হত্যাকাণ্ড ৷ জানিব পৰামতে বৰগাঁও চাহ বাগিছাৰ ৯ নম্বৰ লাইনৰ নিবাসী ৰূপালী গোৱালা(২১) এগৰাকী যুৱতীয়ে ২১ জুলাইৰ দিনৰ ভাগত এক পুত্ৰ সন্তান প্ৰসৱ কৰিছিল৷

প্ৰসূতি যুৱতী ৰূপালী গোৱলাৰ পুত্ৰ সন্তান প্ৰসৱ কৰাৰ কেই ঘন্টামানৰ ভিতৰতেই দেৱশিশুটিক মৰিয়াই মৰিয়াই হত্যা কৰি অপবাদমুক্ত হোৱাৰ আসূৰিক মানসিকতাৰে দেৱশিশুটোক হত্যা কৰে৷ ঘটনাৰ বিৱৰণীমতে  ৰূপালী গোৱালাই সদ্যজাত নিজ সন্তানটোক হত্যা কৰাৰ পৰবৰ্তী সময়ত ভাতৃ কিৰণ গোৱলা(২৫)ই মৃত দেৱশিশুটোক এখন গামোছাৰে মেৰিয়াই বাসগৃহৰ পিছফালে অৱস্থিত বৰগাওঁ চাহ বাগিছাৰ ভিতৰত গাঁত খান্দি পুঁতি থৈছিল৷

ঘটনা পোহৰলৈ অহাত বিহালীৰ বৰগাঙ আৰক্ষীয়ে আৰু দণ্ডাধীশৰ উপস্থিত তদন্ত চলাই  দেৱশিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে৷ দেৱশিশুটোৰ মৃত দেহ উদ্ধাৰ কৰাৰ পিছত ৰূপালী গোৱালা আৰু ভাতৃ কিৰণ গোৱালাক আটক কৰি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷ আনহাতে  দেৱশিশুটো বিহালীৰ বৰভীল চাহ বাগিছাৰ নিবাসী প্ৰেমিক দূৰ্গেশ্বৰ উড়িয়াৰ বুলি তথ্য পোহৰলৈ আহিছে৷

বিহালী