বিহালীৰ বৰগাং নদীত বালি চোৰৰ সন্ত্ৰাস

বিহালীৰ বৰগাং নদীত বালি চোৰৰ সন্ত্ৰাস

author-image
Asomiya Pratidin
New Update
বিহালীৰ বৰগাং নদীত বালি চোৰৰ সন্ত্ৰাস

ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ পূৱ শোনিতপুৰ বন সংমণ্ডলৰ অধীনৰ বৰগাং বনাঞ্চলিক কাৰ্যালয় নাকৰ তলতে গঢ়লৈ উঠিছে চোৰাং বালি ব্যৱসায় ৷ বিয়াগোমা বন বিভাগটোৰ বিষয়া-কৰ্মচাৰীয়ে গিজগিজাই থকা বনাঞ্চলিক কাৰ্যালয়টোৰ নাতি দূৰৈৰ বৰগাং নদীৰ বুকুত বৰগাং অঞ্চলৰ এচাম ধূৰন্দৰ বালি বেপাৰীয়ে,অবৈধভাৱে বালি সংগ্ৰহ কৰি ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷

Advertisment

তাৰ বিপৰীতে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে বিয়াগোম বন বিভাগৰ বৰগাং বন বিভাগটো ৷ যি সময়ত অবাধ হাৰত বৰগাং নদীৰ বুকুৰ পৰা বে-আইনীভাৱে বালি সংগ্ৰহ কৰি বেপাৰ চলাই,আহিছে সেই সময়তো তিলমানো কাৰ্য ব্যৱস্থা গ্ৰহণ কৰা নকৰাৰ অভিযোগ বৰগাং বনাঞ্চলিক বিষয়া বিৰুদ্ধে ৷

অতি আচৰিত বিষয়টো হ'ল- বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ পৰা কিছু নিলগত আছে বৰগাং নদী৷ সেই বৰগাং নদীৰ বুকুৰ পৰা বৰগাং অঞ্চলৰে বালি চোৰ কেইটামানে দিন দুপৰতে দ্বিদ্ধাহীনভাৱে বালি চুৰি কৰি ট্ৰেক্টৰত ভৰাই ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ তাৰপিছতো,বৰগাং বনাঞ্চলিক বিষয়া গৰাকীৰ কোনো কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব পৰা নাই ৷

ফলত দিনক-দিনে বৰগাং নদীত বুকুত চলিছে চোৰাং বালি বেপাৰীৰ সন্ত্ৰাস ৷ দৰাচলতে, পূৰ্ৱতে বৰগাং নদীৰ বুকুত এচাম বালি চোৰে,পুৱতি নিশা বালি চোৰ কৰিছিল বেপাৰ চলাই আহিছিল ৷ শেহতীয়াভাৱে বৰগাং বনাঞ্চলিক বিষয়া গৰাকীৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ পৃষ্ঠপোষকতাত দিন দুপৰতে বালিৰ চোৰাং বজাৰ গঢ়লৈ উঠিছে৷ যাৰ বাবে বৰগাং নদীত গঢ়লৈ উঠিছে বালিৰ কলা বজাৰ ৷

উল্লেখযোগ্য যে ,এচাম ধুৰন্দৰ বালি বেপাৰীয়ে বছৰৰ পিছত বছৰ ধৰি বালি চুৰি কাৰ্যৰে জড়িত এচাম বালি চোৰে ৰাজহ ফাঁকিৰে বনজ সম্পদ লুন্ঠন কৰি আহিছে ৷ যি তথ্য বন বিভাগটোৰ বন বিভাগটোৰ প্ৰতিজন বিষয়া-কৰ্মচাৰীৰ আঙুলি মূৰত ৷ তেনে ক্ষেত্ৰতো বন বিভাগৰ বন বিষয়াই বৰগাংৰ স্থানীয় বালি চোৰ কেইটাক নাকী লগাব পৰা নাই।

প্ৰাপ্ত তথ্য মতে ,বিহালীৰ বৰগাং নদীৰ চাৰিলেযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ ওপৰত বৰগাং নদীৰ ওপৰত থকা দলঙৰ সমীপতে বৰগাং বনাঞ্চলিক কাৰ্যালয়ৰ সমীপৰ বালি চোৰ হিচাপে খ্যাত মিশ্ৰ উপাধিৰ বালি চোৰ এটাই বালি চুৰি কৰি ট্ৰেক্টৰত ভৰ্তি কৰি থকাৰ সময়তে স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত বৰগাং বনাঞ্চিক কাৰ্যালয়ৰ কৰ্মচাৰী উপস্থিতহৈ ট্ৰেক্টৰ খন জব্দ কৰে ৷ নিৰ্ভৰ যোগ্য সূত্ৰ মতে , বন বিষয়া-কৰ্মচাৰীয়ে মধুৰ সম্পৰ্ক থকা মিশ্ৰ উপাধিৰ বালি চোৰটোৰ ট্ৰেক্টৰ খন বুজা বুজিৰে এৰি দিয়াৰ কুচকাৱাজ কৰিছিল যদিও অনুকুল পৰিৱেশ লাভ নকৰা বালি ভৰ্তি ট্ৰেক্টৰ খন বন বিভাগৰ দলটোৱে জব্দ কৰি কাৰ্যালয়লৈ নিয়ে ৷ বন বিভাগে বৰগাং নদীৰ পৰা বালি চূৰি কৰা কাৰ্যত ব্যৱহাৰ কৰা AS-32-C- 0957 নম্বৰৰ ট্ৰেক্টৰ বাহন খন জব্দ কৰে৷

প্ৰণিধানযোগ্য যে , বিহালীৰ বৰগাং নদীত বৰগাং এলেকাৰ তিনিটা বালি চোৰে সন্ত্ৰাস চলাই চোৰাং বালিৰ ৰমৰমীয়া বেপাৰ চলাই আহিছে ৷ খোদ বন বিভাগটোৰ কাৰ্যালয়ৰ নাকৰ তলতে দিন দুপৰতে চোৰাংভাৱে বালি সংগ্ৰহ কৰি বালিৰ বৃহৎ কলা বজাৰ গঢ়ি তোলাৰ পিছতো বৰগাং বনাঞ্চলিক বিষয়াই চোৰাং বালি বেহা বন্ধ কৰিব পৰা নাই সেইটো কোটি টকীয়া প্ৰশ্ন হিচাপে পৰিগণিত হৈছে৷ প্ৰশ্ন হয় - বৰগাং বনাঞ্চলিক বিষযাৰে কোনো গোপন লেনদেন অবিহনে দিন-দুপৰতে বিনা দ্বিদ্ধাই নদীৰ বুকুৰ পৰা বালি চোৰে বালি সংগ্ৰহ কৰিবলৈ সাহস কৰিবনে ৷

Also Read: কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভা নিৰ্বাচনৰ ফলাফল ঘোষণা...