ডিজিটেল সংবাদ, বিহালীঃ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ উদ্যোগত ৰাজ্যৰ প্ৰতিখন গাওঁ পঞ্চায়তৰ অধীনত গ্ৰামাঞ্চলৰ যুৱক-যুৱতী ,শিশুৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ লক্ষ্যৰে ''খেল মহাৰণ-২০২৩-২৪'' শীৰ্ষকৰে খেলৰ প্ৰতিযোগিতা কাৰ্যসূচী ৰূপায়ণ কৰিছে ৷ ''খেল মহাৰণ'' কাৰ্যসূচী পৰিচালনা কৰিবলৈ জিলা আয়ুক্তই প্ৰতিখন গাওঁ পঞ্চায়ত পৰ্যায়ত একোখনকৈ সমিতি গঠন কৰা হৈছে ৷ জিলা আয়ুক্তৰ দ্বাৰা গঠিত ৬ জনীয়া খেল পৰিচালনা সমিতিত জিলা আয়ুক্তৰ মনোনীত স্থানীয় ব্যক্তিক চেয়াৰমেন, এগৰাকী স্বাস্থ্যকৰ্মীক সদস্য , ক্ৰীড়াৰ লগত জড়িত এগৰাকী মহিলা সদস্য , ক্ৰীড়াৰ লগত জড়িত এগৰাকী পুৰুষক সদস্য , স্থানীয় আৰক্ষী বিষয়াৰ ওপৰিও এগৰাকী শিক্ষককলৈ খেল মহাৰণৰ সমিতি গঠন কৰা হৈছে৷
কিন্তু বিশ্বনাথ জিলাৰ বিহালীত 'খেল মহাৰণ-২০২৩-২৪'' ৰূপায়ণ সমিতিৰ নামত সংঘটিত হৈছে আজৱকাণ্ড ৷ প্ৰাপ্ত তথ্য মতে, বিশ্বনাথ জিলা আয়ুক্তৰ স্বাক্ষৰযুক্ত "নটিফেকেশ্ব'ন''ত জিলাখনৰ বিহালী উন্নয়ণ খণ্ডৰ অন্তৰ্গত ''নিজ বিহালী গাওঁ পঞ্চায়ত'' লেভেল্ খেল পৰিচালনা সমিতি খনত বিহালীৰ ''নিজ বিহালী বিজেপি বুথ কমিটিৰ'' এগৰাকী পালিনেতাক সহকাৰী শিক্ষক হিচাপে নাম সন্নিৱিষ্ট কৰি ''খেল মহাৰণ-২০২৩-২৪''ৰ গাওঁ সমিতিত স্থান দিয়া তথ্য পোহৰলৈ আহিছে ৷ এগৰাকী বিজেপি দলৰ পালিনেতাক সহকাৰী শিক্ষক সজাই ''খেল মহাৰণ-২০২৩-২৪'' সদস্য হিচাপে বিশ্বনাথ জিলা আয়ুক্তই কি কাৰণত স্থান দিৱ লগা হ'ল সেই বিষয়টোত বিহালীৰ ক্ৰীড়াপ্ৰেমী ৰাইজ স্তম্ভিত হৈছে ৷
আনহাতে ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে অনুষ্ঠিত কৰা ''খেল মহাৰণ-২০২৩-২৪'' কাৰ্যসূচী পৰিচালনা কৰাৰ বাবে জিলা আয়ুক্তৰ দ্বাৰা মনোনীত সমিতিকো গেৰুৱাকৰণ কৰাৰ বিষয়টোক সহজভাৱে ল'ব পৰা নাই সচেতন ৰাইজে ৷ অভিযোগ মতে , বিহালী উন্নয়ণ খণ্ডৰ অন্তৰ্গত নিজ বিহালী গাওঁ পঞ্চায়ত এলেকাৰ বিজেপি দলৰ পালিনেতা চিন্তামনি ভট্টৰাই নামৰ লোক এজনৰ নাম নিজ বিহালী দাওঁ পঞ্চায়ত খেল পৰিচালনা সমিতিৰ তালিকাত সহকাৰী শিক্ষক হিচাপে অন্তৰ্ভক্ত কৰা হৈছে৷
অতি গুৰুত্বপূৰ্ণ যে শিক্ষা আৰু শিক্ষকৰ দৰে পবিত্ৰ খণ্ডৰ স'তে যুগ-যুগান্তাৰলৈ কোনো সম্পৰ্ক নথকা ঢেমাধৰা এজনক সহকাৰী শিক্ষকৰ দৰে মহান সজাই খেল মহাৰণৰ সমিতিত অন্তৰ্ভূক্ত কৰাকলৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে বিহালীত৷ আনহাতে , চিন্তামনি ভট্ৰৰাই নামৰ এইজন লোকে ৰাজনীতি কৰি থকাৰ বিপৰীতে খেল সম্পৰ্কত জ্ঞানশূণ্য লোক ৷
গুৰুত্বপূৰ্ণ বিষয়টো হ'ল খেল সম্পৰ্কীয় কোনো অভিজ্ঞতাহীন বিজেপি পালিনেতাক জিলা আয়ুক্তই কিয় সহকাৰী শিক্ষক সজালে সেইয়া এক ৰহস্যৰ বিষয়৷ উল্লেখ্য যে ,বিহালীত চৰকাৰীভাৱে আয়োজিত ক্ৰীড়া দৰে অনুষ্ঠান ৰূপায়ণৰ ক্ষেত্ৰতো ৰাজনীতিকৰণ কৰাটো এইয়াই নতুন নহয়৷ ইয়াৰ পূৰ্ৱেও,ক্ৰীড়া সমিতি গঠনৰ বেলিকাও বিহালীত গেৰুৱাকৰণ কৰা হৈছিল ৷