/asomiyapratidin/media/media_files/2025/05/06/6UDur8MbhfTjRCcVpWbc.jpg)
ডিজিটেল সংবাদ বিহালীঃ পৰিয়ালে ঠিক কৰা দৰাৰ সৈতে বিয়াত বহিবলৈ কইনাৰ সাজত ৰভাৰ তলত বহি আছিল কইনা জিনু দাস৷ দৰা প্ৰীয়ম দাসো ঘৰৰ পৰা ওলাই আহিছিল বৰযাত্ৰীক লগত লৈ৷
পিছে কইনাৰ ঘৰত নোসোমাই পদুলি মুখৰ পৰাই দৰা উভতি গ'ল কইনা জিনুক নিজৰ কৰি নোলোৱাকৈ৷ বিহালীৰ চেনিমাৰি গাঁৱত সংঘটিত হোৱা এই ঘটনা এতিয়া আৰক্ষীৰ ওচৰ পাইছেগৈ৷
আৰক্ষী থানাত দৰা প্ৰিয়ম দাসৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে কইনাৰ পৰিয়ালে৷ বিহালীৰ চেনিমাৰী গাঁৱৰ জিনু দাসৰ লগত চাৰিবছৰ পূৰ্বে বিয়া ঠিক হৈছিল টেলেঙ্গনীয়া গাঁৱৰ যুৱক প্ৰিয়ম দাসৰ৷
দুবছৰ পূৰ্বে প্ৰীয়মে আঙুঠি পিন্ধাইছিল জিনু দাসক। কইনাৰ দেউতাকৰ মৃত্যুৰ বাবে পিছুৱাই দিয়া হৈছিল বিবাহ অনুষ্ঠান। পিছে শেষত বিয়াখন হৈ নুঠিল।
সকলোখিনি আয়োজন কৰাৰ পিছতো ৰাতি দৰা আৰু দৰাৰ পৰিয়ালবৰ্গই কইনাক নিবলৈ আহি কইনাৰ মাক আৰু ভায়েকক শাৰীৰিকভাৱে আক্ৰমন কৰাৰ উপৰিও ঘৰৰ আচবাব ভাঙি কৰে লণ্ড-ভণ্ড৷ নিশা ১১ বজাত লগ্ন আছিল যদিও নিশা ডেৰ বজাত হে দৰা আহি পাইছিল কইনা ঘৰৰ সন্মুখত৷
পিছে গাড়ীৰ পৰা নামিয়েই নাহিল দৰা৷ বৰযাত্ৰীৰ খাদ্যৰ পৰা কইনাই লগত নিয়া আচবাবলৈকে সকলোখিনি যোগাৰ কৰিছিল কইনা পক্ষই৷ জানিব পৰা মতে ঢোলীয়া পাৰ্টিয়ে দৰাক আদৰাৰ বাবেই কাজিয়াৰ সূত্ৰপাত ঘটিছিল।
কাজিয়া গৈ ইমানেই ভয়ংকৰ ৰুপ পালে যে কইনাক বিয়া নপতাকৈ পদূলিৰ পৰাই উভতি গ'ল দৰা৷ সামান্য এটা কথাতে বিয়া ভংগ কৰি কইনা জিনুৰ ভবিষৎ ধ্বংস কৰিলে দৰা প্ৰীয়মে৷
বিষয়টোৰ সন্দৰ্ভত আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ উঠিছে অভিযোগ৷ ইফালে দৰাই আন ছোৱালী বিয়া পাতিবলৈ ঠায়ে ঠায়ে ছোৱালী বিচাৰি ফুৰাৰ খবৰ লাভ কৰিছে কইনাৰ পৰিয়ালে৷