Advertisment

আৰু তিনি ৰাউণ্ড বাকী বিহালীত! ৮ সহস্ৰাধিক ভোটৰ অগ্ৰগতি বিজেপিৰ...

বিহালীত ১০টা ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। আৰু মাথোঁ তিনিটা ৰাউণ্ডৰ ভোটগণনা বাকী আছে সমষ্টিটোত। সমষ্টিটোত ৮, ১৫৫টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। তেওঁ ১০ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ৩৯, ৯৪৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

author-image
Asomiya Pratidin
New Update
বিহালী

ডিজিটেল ডেস্কঃ বিহালীত ১০টা ৰাউণ্ডৰ ভোটগণনা অন্ত পৰিছে। আৰু মাথোঁ তিনিটা ৰাউণ্ডৰ ভোটগণনা বাকী আছে সমষ্টিটোত। সমষ্টিটোত ৮, ১৫৫টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে বিজেপিৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাল। তেওঁ ১০ৰাউণ্ডৰ ভোটগণনাৰ অন্তত ৩৯, ৯৪৭টা ভোট লাভ কৰিবলৈ সক্ষম হৈছে।

Advertisment

কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাই ৩১,৭৯২টা ভোট লাভ কৰি দ্বিতীয় স্থানত আছে। চি পি আই এম এলৰ প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মীয়ে ৪,২২৯টা ভোট লক্ষ্যণীয়ভাৱে লাভ কৰিবলৈ সক্ষম হৈছে। আপৰ প্ৰাৰ্থী অনন্ত গগৈয়ে ৯২৬টা ভোট লাভ কৰিছে। NOTAত পৰিছে ১২১৪টা ভোট। 

বিহালী