সুৰবাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

সুৰবাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

author-image
Asomiya Pratidin
New Update
সুৰবাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান

ডিজিটেল সংবাদ,বিহালীঃ বিহালীত বিজেপিৰ ব্যতিক্ৰমী নিৰ্বাচনী অভিযান।সুৰবাহিনীৰ দ্বাৰা গীতে-মাতে বিহালীৰ বিজেপি প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘৰিটা,মন্ত্ৰী পীযুষ হাজৰীকা,সাংসদ ৰঞ্জিত দত্ত আৰু বিধায়ক পদ্ম হাজৰিকাই।

Advertisment

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত আজিৰ পৰা বিজেপিয়ে বিহালীত এই ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী অনুষ্ঠিত কৰিছে। এই গীতে মাতে অনুষ্ঠানত বিজেপি চৰকাৰে কৰা বিভিন্ন উন্নয়ন মূলক আঁচনি সমূহকো সামৰি লোৱা হৈছে।

গীতে মাতে অনুষ্ঠানৰ জৰিয়তে কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা বিভিন্ন হত্যা হিংসা সকলো সমৰি লোৱাৰ লগতে এই অনুষ্ঠানৰ জৰিয়তেই কংগ্ৰেছ দল তথা গৌৰব গগৈক তীব্ৰ সমলোনা কৰে। বিহালীৰ গাঁৱে গাঁৱে সুৰবাহিনীৰ দ্বাৰা আজিৰ পৰা নিৰ্বাচনী প্ৰচাৰ চলাই যাব বুলি দলীয় কৰ্মীয়ে জানিবলৈ দিয়ে।

Also Read: বেবেজীয়া ভোগেশ্বৰ হাজৰিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নৱাগত আদৰণী আৰু সাংস্কৃতিক অনুষ্ঠান

bihali election